/asomiyapratidin/media/media_files/2025/07/02/288-2025-07-02-22-35-52.jpg)
ডিজিটেল সংবাদ,কামপুৰ : কামপুৰত বুধবাৰে সদৌ অসম প্ৰাদেশিকীকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ টিউটৰ সন্থাই এক সংবাদমেলৰ আয়োজন কৰে । উচ্চতম ন্যায়ালয়ে ৰায় প্ৰদান কৰাৰ পাছতো বিজেপি চৰকাৰে প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰে এই সংবাদমেলত ৷
সম কামৰ সম অধিকাৰ দিয়াৰ আশ্বাস প্ৰদান কৰিও মুখ্যমন্ত্ৰীয়ে টিউটৰসকলক প্ৰতাৰণা কৰা বুলি সদৌ অসম প্ৰাদেশিকীকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ টিউটৰ সন্থাই অভিযোগ তোলে। চৰকাৰে টিউটৰসকলৰ পদ নিয়মীয়াকৰণ কৰি শিক্ষকৰ মৰ্যদা প্ৰদান নকৰাত অহা ৯ জুলাইত ৯ হাজাৰ শিক্ষকে দিছপুৰ চলো কাৰ্যসূচী পালন কৰাৰ কথা জনাই টিউটৰ সংস্থাই ৷
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, বিগত সময়ত প্ৰাথমিক শিক্ষা সঞ্চালিকাই শিক্ষামন্ত্ৰীৰ আদেশ মৰ্মে কেইবাবাৰো আলোচনাত মিলিত হৈ আশ্বাস প্ৰদান কৰিছিল যদিও সকলো ফুটুকাৰ ফেনত পৰিণত হ'ল ৷ যাৰ বাবে অহা ৯ জুলাইৰ পৰা ৰাজপথত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিব সন্থাটোৱে ৷
আনহাতে মন্ত্ৰীসকলক ৫০ লাখ টকা ৰাজসাহাৰ্য দিব পৰা চৰকাৰে অৱসৰ টিউটৰ শিক্ষকসকলক ১০ লাখ টকা দিব নোৱাৰা কাৰণ কি বুলিও মন্তব্য কৰে শিক্ষকসকলে ৷ উল্লেখ্য যে, মুখ্যমন্ত্ৰীয়ে বিষয়টোত হস্তক্ষেপ কৰি বিচৰা ধৰণে টিউটৰ সকলৰ দাবীসমূহ পূৰণ নকৰিলে ৯ জুলাইৰ পৰা জংগী আন্দোলন কৰাৰ হুংকাৰ প্ৰদান কৰে সন্থাই ৷
উল্লেখযোগ্য যে, আজিৰ এই সংবাদমেলত শ্বেখ আব্দুলা, জীৱন তালুকদাৰ, ভূৱন শৰ্মা, তৰুপ্ৰসাদ শৰ্মা, ইছাহক আলীকে ধৰি বহুকেইজন কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া উপস্থিত থাকে ৷