Advertisment

নৱদীপ সিং, চালিমা টেটেৰ লগতে ৩৪ গৰাকীক অৰ্জুন বঁটা প্ৰদান ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ...

শুকুৰবাৰে ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা প্ৰদান অনুষ্ঠানত কেইবাগৰাকীও ভাৰতীয় ক্ৰীড়াবিদক ক্ৰীড়াক্ষেত্ৰত অসাধাৰণ প্ৰদৰ্শনৰ বাবে সন্মানীয় অৰ্জুন বঁটাৰে সন্মানিত কৰা হয়।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল ডেস্কঃ  শুকুৰবাৰে ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা প্ৰদান অনুষ্ঠানত কেইবাগৰাকীও ভাৰতীয় ক্ৰীড়াবিদক ক্ৰীড়াক্ষেত্ৰত অসাধাৰণ প্ৰদৰ্শনৰ বাবে সন্মানীয় অৰ্জুন বঁটাৰে সন্মানিত কৰা হয়। অনুষ্ঠানত ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুই বঁটা প্ৰদান কৰে বিভিন্ন খিতানত বঁটা লাভ কৰা খেলুৱৈ সকলক । 

Advertisment

ৰাষ্ট্ৰপতিৰ পৰা অৰ্জুন বঁটা লাভ কৰা খেলৱৈসকল হ’ল জ্যোতি য়াৰৰাজী, অনুন্ন ৰাণী, নিতু ঘাংঘাছ, চাউতি বুৰা,বন্তিকা আগৰৱালা, চালিমা টেটে, অভিষেক সঞ্জয়, জৰ্মানপ্ৰীত সিং,সুখজীত সিং, ৰাকেশ কুমাৰ,প্ৰীতি পাল, জীৱনজী দীপ্তি, অজিত সিং,শচীন চাৰ্জেৰাও খিলাৰী,ধৰমবীৰ,প্ৰণৱ সূৰমা, হকাটো হতোজে চেমা ,ছিমৰন শৰ্মা, নৱদীপ সিং, নিতেশ কুমাৰ, থুলাচিমাথি মুৰুগেছন, নিথ্য শ্ৰে চিভান, মনীষা ৰমদাস, কপিল পাৰমাৰ, মোনা আগৰৱাল, ৰুবিনা ফ্ৰান্সিছ , স্বপ্নিল কুছালে , সৰ্বোজোত সিং, অভয় সিং,সাজন প্ৰকাশ আৰু অমন ছেৰাৱাত। 

সমান্তৰালভাৱে একেখন মঞ্চতে খেলৰত্ন বঁটা, দ্ৰোণাচাৰ্য্য বঁটা আদিও প্ৰদান কৰে দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ।

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু