/asomiyapratidin/media/media_files/2025/04/25/6UKhxsNpHzC3AIPhf6vu.jpg)
ডিজিটেল ডেস্ক : পেহেলগামত সংঘটিত সন্ত্ৰাসবাদৰ ঘটনাৰ পাছৰে পৰা ভাৰতবৰ্ষৰ সাম্প্ৰতিক পৰিৱেশ- পৰিস্থিতিক লৈ এতিয়া সমগ্ৰ বিশ্ববাসী চিন্তিত হৈ পৰিছে। চিন্তিত হৈ পৰিছে ভিন্ন দেশৰ প্ৰশাসন তথা ৰাষ্ট্ৰ প্ৰধানসকল।
একেদৰে আতংকিত হৈ পৰিছে বিশ্বৰ ভিন্ন দেশৰ পৰা অহা পৰ্যটকসকল। সম্প্ৰতি ভাৰতত থকা আমেৰিকান পৰ্যটকসকলৰ প্ৰতি এক সতৰ্কতা জাৰি কৰিছে যুক্তৰাষ্ট্ৰখনৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে।
ভাৰতৰ বিভিন্ন প্ৰান্তত থকা পৰ্যটনস্থলীসমূহ পৰিদৰ্শন কৰিবলৈ অহা আমেৰিকান পৰ্যটকসকল আমেৰিকা চৰকাৰে জম্মু-কাশ্মীৰ আৰু ভাৰত-পাকিস্তান সীমান্তৰ ১০ কিলোমিটাৰৰ ভিতৰত যাত্ৰা নকৰিবলৈ পৰামৰ্শ প্ৰদান কৰিছে। তাৰোপৰি কেন্দ্ৰীয় শাসিত জম্মু- কাশ্মীৰৰ ৪ নং স্তৰ ভ্ৰমণৰ পৰাও বিৰত থাকিবলৈ আমেৰিকান নাগৰিকসকলক পৰামৰ্শ প্ৰদান কৰিছে ৰাষ্ট্ৰপতিগৰাকীয়ে।
অৱশ্যে পূব লাডাখ আৰু লেহ ভ্ৰমণত কোনো বাধা আৰোপ কৰা নাই মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে। আনহাতে মণিপুৰ ভ্ৰমণৰ পৰাও বিৰত থাকিবলৈ আহ্বান জনাইছে ৰাষ্ট্ৰপতিগৰাকীয়ে।