/asomiyapratidin/media/media_files/2025/09/16/moidd-2025-09-16-23-34-11.jpg)
ডিজিটেল ডেস্কঃ ১৬ছেপ্টেম্বৰৰ নিশা হঠাতে বাজি উঠিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ফোন। স্কীণত ভাঁহি আহিল ট্ৰাম্পৰ নম্বৰ। ফোনটো উঠোৱাৰ লগে লগে মোডীক জন্মদিনৰ শুভেচ্ছা জনালে ট্ৰাম্পে। জন্ম দিনৰ এটা দিনৰ পূৰ্বেই মোডীক ওপজা দিনৰ ওলগ জনালে ট্ৰাম্পে। উল্লেখ্য যে, ১৭ছেপ্টেম্বৰত ৭৫সংখ্যক জন্মদিন পালন কৰিব লগীয়া প্ৰধানমন্ত্ৰী মোডীক এই বৰ্ষত ওপজা দিনৰ ওলগ জনোৱা প্ৰথমগৰাকী ব্যক্তি হ'ল ট্ৰাম্প।
ট্ৰাম্পে শুভেচ্ছা জনোৱাৰ কথা সামাজিক মাধ্যমযোগে ৰাজহুৱা কৰিলে প্ৰধানমন্ত্ৰী মোডীয়ে। ট্ৰাম্পক ধন্যবাদ জনাই মোডীয়ে লিখিলে এনেদৰে- Thank you, my friend, President Trump, for your phone call and warm greetings on my 75th birthday. Like you, I am also fully committed to taking the India-US Comprehensive and Global Partnership to new heights. We support your initiatives towards a peaceful resolution of the Ukraine conflict.