/asomiyapratidin/media/media_files/2025/01/19/M4GyAk56T53dAmTRHabs.jpg)
ধুবুৰীত তৃণমূল কংগ্ৰেছৰ কৰ্মী সভাত সভাপতি ৰমেন চন্দ্ৰ বৰঠাকুৰ
ডিজিটেল সংবাদ, ধুবুৰী : তৃণমূল কংগ্ৰেছৰ ধুবুৰী জিলা কমিটীৰ উদ্যোগত দেওাবাৰে ধুবুৰীৰ টিয়ামাৰী অঞ্চলত তৃণমূল কংগ্ৰেছৰ এক বিশাল যোগদান কাৰ্যসৃচী আৰু কৰ্মী সভা অনুষ্ঠিত হয়। অসম ৰাজ্যিক তৃণমূল কংগ্ৰেছৰ উপ-সভাপতি তথা ধুবুৰীৰ জ্যেষ্ঠ অধিবক্তা এন আই চৌধুৰীৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা কৰ্মী সভাখনত অসম ৰাজ্যিক তৃণমূল কংগ্ৰেছৰ সভাপতি ৰমেন চন্দ্ৰ বৰঠাকুৰ, দলটোৰ অন্যতম নেতা দুলু আহমেদ, ত্বৰিৎ চেটাৰ্জীকে ধৰি তৃণমূল কংগ্ৰেছৰ ধুবুৰী জিলা কমিটীৰ অন্যান্য বিষয়-ববীয়া, কৰ্ম-কৰ্তাসকল উপস্থিত থাকে।
আজি কৰ্মী সভাত উপস্থিত থাকি ৰাজ্যিক তৃণমূল কংগ্ৰেছৰ সভাপতি ৰমেন চন্দ্ৰ বৰঠাকুৰে কয় যে ৰিপুণ বৰাই তৃণমূল কংগ্ৰেছৰ সৈতে যি প্ৰতাৰণা কৰিলে তাৰ বাবে তেওঁৰ দুখ লাগিছে। অসমত তৃণমূল কংগ্ৰেছৰ গতিশীলতা আৰু ইয়াৰ উত্তৰণত ৰিপুণ বৰাই বহু ক্ষতি কৰিলে বুলি তেওঁ কয়। কিন্তু আজি আমি এইখন কৰ্মী সভাত কথা দিলোঁ এইবাৰ পঞ্চায়ত নিৰ্বাচনে হওক বা আগত বিধানসভা নিৰ্বাচনেই হওক অসমৰ উজনি-নামনি, বৰাক সকলোতে তৃণমূল কংগ্ৰেছে ভাল ফল প্ৰদৰ্শন কৰিব আৰু তৃণমূল কংগ্ৰেছৰ সমৰ্থন অবিহনে অসমত এইবাৰ চৰকাৰ গঠন হ'ব নোৱাৰে বুলি তেঁও দাবী কৰে।
ভাৰতবৰ্ষৰ কোন ঠাইত কংগ্ৰেছৰ স্থিতি শক্তিশালী হৈ আছে বুলি প্ৰশ্ন কৰি দলটোৰ ৰাজ্যিক সভাপতি ৰমেন চন্দ্ৰ বৰঠাকুৰে কয় যে কংগ্ৰেছ আমাৰ মুখ্য শত্ৰু নহয়। আমাৰ মুখ্য শত্ৰু হৈছে বিজেপি। কিন্তু কংগ্ৰেছে এটা প্ৰতাৰণাৰ সৃষ্টি কৰি থাকি অসমৰ ৰাজনৈতিক পৰিৱেশটোকে অস্থিৰ কৰি তুলিছে।
ভূপেন বৰাই ২০২১ চনৰ ৪ আগষ্টত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব ভাৰ লৈছিল। আজিৰ তাৰিখত কোনটো নিৰ্বাচনত তেওঁ জয়লাভ কৰিবলৈ সক্ষম হৈছিল কোনোবাই ক'ব পাৰিবনে বুলি প্ৰশ্ন উল্থাপন কৰে।
অসমত কংগ্ৰেছে বিজেপিক প্ৰকাৰন্তৰে সুবিধাহে কৰি আছে বুলি তেওঁ বিস্ফোৰক অভিযোগ উল্থাপন কৰে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই যোৱা লোকসভা নিৰ্বাচনৰ সময়ত ৰকিবুল হুছেইনক গড় হত্যাকাৰী বুলি অভিহিত কৰিছিল। কিন্তু গড় হত্যাকাৰী ৰকিবুল হুছেইনৰ নামত অসমত কোনো গোচৰ ৰুজু হৈ থকা নাই। গতিকে ইয়াত কৈ কংগ্ৰেছ আৰু বিজেপিৰ মিলি-জুলি সংসাৰ আৰু ক'ত আছে বুলি তেওঁ প্ৰশ্ন কৰে।
ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে ১৫ বছৰ ধৰি অসমৰ মন্ত্ৰী হৈ আছিল। ধুবুৰীৰ পৰা লোকসভা নিৰ্বাচনত ভোটত জিকি বিশ্ব ৰেকৰ্ড গঢ়ি তোলা বুলি কৈ ফুৰা সেই পৃথিৱী বিখ্যাত ৰকিবুলৰ খ্যাতি অসমৰ কোনো ঠাইতে নাই বুলি তেওঁ কয়।
ৰকিবুল হুছেইন হৈছে এজন ভণ্ড নেতা। ইপিনে তৃণমূল কংগ্ৰেছৰ আন এগৰাকী নেতা দুলু আহমেদে কয় যে ৰিপুণ বৰা দলৰ পৰা ওলাই যোৱা নাই। দলীয় প্ৰাৰ্থিত্বৰ নামত অহা টকা তেওঁ আত্মসাৎ কৰি কংগ্ৰেছলৈ পলায়ন কৰিছে। ৰিপুণ বৰা এতিয়া 'এক্স' হৈ গৈছে বুলি তেওঁ কয়।
ইপিনে আজি উক্ত কৰ্মী সভাত প্ৰায় দুশৰো অধিক লোকে আনুষ্ঠানিকভাৱে তৃণমূল কংগ্ৰেছ দলত যোগদান কৰে বুলি জানিবলৈ দিয়ে।