/asomiyapratidin/media/media_files/2025/01/20/jxG9JTGA43qCVA7TIDfo.png)
ডিজিটেল ডেস্কঃ বিশ্বৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান মহাকুম্ভ মেলাত ভিৰ কৰিছে ব্ৰহ্মাণ্ডৰ হাজাৰ হাজাৰ ভক্তই। সমান্তৰালকৈ মহাকুম্ভত অংশ লোৱাৰ উদ্দেশ্যে প্ৰয়াগৰাজলৈ অহাৰ সম্ভাৱনা আছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।
মৌনি অমৱস্যাৰ প্ৰস্তুতি পৰ্যালোচনা কৰি দেওবাৰে প্ৰয়াগৰাজত এক সংবাদমেল সম্বোধন কৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী আদিত্যনাথে। সংবাদমেলত তেওঁ কয় যে, মহাকুম্ভত ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ অংশগ্ৰহণৰ পৰিকল্পনা কৰা হৈছে। প্ৰাক্তন সভাপতি ৰামনাথ কোবিন্দ বৰ্তমান মহাকুম্ভৰ সংগঠনৰ সৈতে জড়িত বুলিও তেওঁ জনায়।
মুখ্যমন্ত্ৰী যোগীয়ে কয় যে, দেশৰ লগতে বহিঃৰাজ্যৰ পৰা বৃহৎ সংখ্যক ভক্ত মহাকুম্ভত উপস্থিত হৈছে। সংগমত পুণ্যস্নান কৰি আপ্লুত হৈছে বিদেশী ভক্তসকল। ইয়াৰোপৰি প্ৰয়াগৰাজৰ প্ৰশংসাত পঞ্চমুখ ইউৰোপীয় পৰ্যটকসকল।
"তেওঁলোকে হিন্দী, সংস্কৃত নাজানে যদিও অতি ভক্তিৰে হিন্দী-সংস্কৃত মন্ত্ৰ আৰু সনাতন ধৰ্মৰ সৈতে জড়িত শ্লোক জপ কৰিছে। মা গংগা আৰু ইয়াৰ পবিত্ৰ স্থানসমূহৰ প্ৰতি তেওঁলোকে যি শ্ৰদ্ধা প্ৰকাশ কৰিছি সেয়া অপৰিসীম বুলিও উল্লেখ কৰে যোগী আদিত্যনাথে।
লগতে তেওঁ জনাই যে, পৌশ পূৰ্ণিমা আৰু মকৰ সংক্ৰান্তিৰ মূল দুটা পুণ্যস্নানৰ ইতিমধ্যে সামৰণি পৰিছে। আনহাতে অন্য দুটা মহা স্নান ২৯ জানুৱাৰীৰ মৌনি অমৱস্যা আৰু ৩ ফেব্ৰুৱাৰীৰ বসন্ত পঞ্চমীত আছে।এই মহাস্নানৰ বাবে ইতিমধ্যে ৭ হাজাৰৰো অধিক সংগঠন উপস্থিত হৈছে।
দেওবাৰে সমগ্ৰ মহাকুম্ভ অঞ্চলৰ আকাশী জৰীপ কৰা হয় বুলি মুখ্যমন্ত্ৰীয়ে জনায়। সংগমত গা ধুই থকা ভক্ত, কুম্ভ টেণ্টৰ বাসিন্দা আৰু অন্যান্য সংযুক্ত গোটকে ধৰি অনুষ্ঠানত উপস্থিত থকা মুঠ লোকৰ সংখ্যা এক কোটিৰো অধিক হৈছে বুলিও যোগী আদিত্যনাথে সংবাদমেলত প্ৰকাশ কৰে।