/asomiyapratidin/media/media_files/2025/05/17/JoAKlGBZyfho77OEzWHM.jpg)
ডিজিটেল ডেস্কঃ শুকুৰবাৰে নতুন দিল্লীত সংস্কৃত পণ্ডিত জগতগুৰু ৰামভদ্ৰাচাৰ্যক ৫৮ সংখ্যক জ্ঞানপীঠ বঁটা প্ৰদান কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। জগতগুৰু ৰামভদ্ৰাচাৰ্য আৰু বিখ্যাত উৰ্দু কবি আৰু গীতিকাৰ গুলজাৰক ২০২৩ চনৰ জ্ঞানপীঠ বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছিল।
সাহিত্য ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়োৱাৰ বাবে দুয়োগৰাকীলৈ এই সন্মান প্ৰদান কৰা হৈছে। ৰাষ্ট্ৰপতি সচিবালয়ে প্ৰকাশ কৰা বিবৃতি অনুসৰি এই উপলক্ষত দুয়োগৰাকী সাহিত্যিকক ৰাষ্ট্ৰপতিয়ে অভিনন্দন জনায়। জগতগুৰু ৰামভদ্ৰাচাৰ্যই বঁটা লাভ কৰি সুখ প্ৰকাশ কৰে।
তেওঁ কয় যে, তেওঁৰ সাহিত্যৰ কামক সন্মান জনোৱা হৈছিল। তেওঁৰ সাহিত্যিক ৰচনাক স্বীকৃতি দিয়া বাবে তেওঁ সুখী। উল্লেখ্য যে, জ্ঞানপীঠ বঁটা সাহিত্যৰ ক্ষেত্ৰত দিয়া সৰ্ববৃহৎ বঁটা। এই বঁটা প্ৰতি বছৰে দিয়া হয়। এইবাৰ এই বঁটা দুজন ব্যক্তিক প্ৰদান কৰা হৈছে।
ইফালে ৰাষ্ট্ৰপতি মুৰ্মুৱে ভাৰতীয় জ্ঞানপীঠ ট্ৰাষ্টক প্ৰশংসা কৰি কয় যে, এই ট্ৰাষ্টে ১৯৬৫ চনৰ পৰা ভাৰতীয় ভাষাৰ শ্ৰেষ্ঠ সাহিত্যিকসকলক বঁটা প্ৰদান কৰি আহিছে। ভাৰতীয় ভাষাৰ সাহিত্যিকসকলক বঁটা প্ৰদানৰ প্ৰক্ৰিয়াত ভাৰতীয় জ্ঞানপীঠ বঁটাৰ নিৰ্বাচকসকলে সদায় শ্ৰেষ্ঠ সাহিত্যিকসকলক বাছনি কৰি এই বঁটাৰ মৰ্যাদা বজাই ৰাখিছে।