পেহেলগাম কাণ্ডৰ বাবে স্থগিত ৰাষ্ট্ৰপতি মুৰ্মুৰ দুদিনীয়া অসম ভ্ৰমণ

দুটা চৰকাৰী অনুষ্ঠানত অংশগ্ৰহণ কৰা উদ্দেশ্যে ২৪ এপ্ৰিলৰ সন্ধিয়া গুৱাহাটীলৈ আহিল হয় ৰাষ্ট্ৰপতিগৰাকী। শুকুৰবাৰে ৰাজ্য চৰকাৰৰ এক অনুষ্ঠানত নৃত্য পটিয়সী সোনাল মানসিঙক শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান কৰাৰ কথা আছিল মুৰ্মুৱে।

author-image
Asomiya Pratidin
New Update
sdfdfdfdfdfdfdfdfdfdfdf

ডিজিটেল ডেস্কঃ  পেহেলগাম কাণ্ডৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ দুদিনীয়া অসম ভ্ৰমণ স্থগিত ৰখা হৈছে। জম্মু-কাশ্মীৰত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ বৰ্বৰ কাণ্ডৰ পাছতে ৰাষ্ট্ৰপতি কাৰ্যালয়ৰ পৰা এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। 

Advertisment

লক্ষণীয় বিষয় যে, দুটা চৰকাৰী অনুষ্ঠানত অংশগ্ৰহণ কৰা উদ্দেশ্যে ২৪ এপ্ৰিলৰ সন্ধিয়া গুৱাহাটীলৈ আহিল হয় ৰাষ্ট্ৰপতিগৰাকী। শুকুৰবাৰে ৰাজ্য চৰকাৰৰ এক অনুষ্ঠানত নৃত্য পটিয়সী সোনাল মানসিঙক শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান কৰাৰ কথা আছিল মুৰ্মুৱে।

নৱননন

ৰাষ্ট্ৰপতি মুৰ্মুৰ অসম ভ্ৰমণ সন্দৰ্ভত আজি অসম ৰাজ্যপাল সচিবালয়ৰ এগৰাকী বিষয়াই জনায়, “জম্মু-কাশ্মীৰৰ সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে এই ভ্ৰমণ স্থগিত ৰখা হৈছে। এঅ সন্দৰ্ভত ৰাষ্ট্রপতি ভৱনৰ পৰা বাৰ্তা প্ৰেৰণ কৰিছে। পৰৱৰ্তী সময়ত পুনৰ তাৰিখ নিৰ্ধাৰণ কৰা হ’ব।”

উল্লেখ কৰা প্ৰয়োজন, গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তপক্ষই ঘোষণা কৰা তাৰিখ আৰু সময়তে ৰাষ্ট্ৰপতিৰ অবিহনে সমাৱৰ্তন অনুষ্ঠিত কৰিব।

 

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু