/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/AP-FOR-WEB-new-format-update.jpg)
সন্ধিয়া ৮.০৪ বজাতঃ দ্ৰৌপদী মুৰ্মুৱে ৰচিলে ইতিহাস। দেশৰ দ্বিতীয়গৰাকী মহিলা ৰাষ্ট্ৰপতি তথা প্ৰথমগৰাকী আদিবাসী মহিলাৰ লগতে আটাইতকৈ কনিষ্ঠ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ বাট মুকলি। তৃতীয় ৰাউণ্ডৰ অন্তত মুৰ্মুৱে মুঠ ভোটৰ ৫০ শতাংশৰো অধিক লাভ কৰিলে।
সন্ধিয়া ৬.০০ বজাতঃ এতিয়ালৈকে গণনা কৰা মুঠ ভোটৰ প্ৰতি লক্ষ্যৰাখি এন ডি এৰ দ্ৰৌপাডি মুৰ্মুৱে ৭১ শতাংশৰো অধিক ভোট লাভ কৰাৰ সম্ভাৱনা।
বিয়লি ৫.৩২ বজাতঃ দ্বিতীয় ৰাউণ্ডৰ পিছত প্ৰথম 10 খন ৰাজ্যৰ বেলট পেপাৰৰ ভোট গণনা অনুসৰি দ্ৰৌপাদী মুৰ্মুৱে ১,০৫,২৯৯ মূল্যৰ ৮০৯ টা ভোট লাভ কৰে আৰু যশৱন্ত সিনহাই ৪৪,২৭৬ মূল্যৰ ৩২৯ টা ভোট লাভ কৰে।
বিয়লি ৫.২০ বজাতঃ দ্ৰৌপদী মুৰ্মুৰ জন্ম গাঁৱত বিজয় ৰেলী বাহিৰ। দ্ৰৌপদী মুৰ্মু ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ বাট মুকলি হোনাত আনন্দিত গাওঁবাসী।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/93030640.webp)
বিয়লি ৫.০০ বজাতঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত খানাপাৰাত বিজেপি তথা সহযোগী দলৰ বিজয় ৰেলী। বিজয় ৰেলীত উপস্থিত আছে বিজেপিৰ ৰাজ্যিক নেতৃত্বৰ লগতে বহু কেইজন মন্ত্ৰী বিধায়ক।
বিয়লি ৪.৪০ বজাতঃ সংসদত অব্যাহত আছে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোট গণনা। আৰু কিছু সময়ৰ পিছতেই প্ৰকাশ পাব ফলাফল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/93029142.webp)
বিয়লি ৪.১০ বজাতঃ ৰাষ্ট্ৰপতি নিৰ্বাচন ফলাফল প্ৰকাশ হোৱাৰ পিছতে মুখ্য নিৰ্বাচনী বিষয়া ৰাজীৱ কুমাৰ আৰু নিৰ্বাচন আয়ুক্ত অনুপ চন্দ্ৰ পাণ্ডেয়ে নিৰ্বাচনৰ প্ৰমাণপত্ৰত স্বাক্ষৰ কৰিব। ইয়াৰে এটা প্ৰতিলিপি কেন্দ্ৰীয় গৃহ সচিবক হস্তান্তৰ কৰা হ'ব। প্ৰমাণপত্ৰখন ৰাষ্ট্ৰপতিৰ শপত অনুষ্ঠানত পাঠ কৰা হ'ব।
বিয়লি ৪.০০ বজাত: কেইঘন্টা মান পাছতেই ঘোষণা হ'ব ভাৰতৰ নতুন ৰাষ্ট্ৰপতিৰ নাম।
বিয়লি ৩.১৫ বজাত: প্ৰথম ৰাউণ্ডৰ অন্তত প্ৰায় ৭২ শতাংশ ভোটত অগ্ৰগতি দ্ৰৌপদি মুৰ্মুৰ।
দুপৰীয়া ১২.০৫ বজাত: যশৱন্ত সিনহাৰ মন্তব্য- নিৰ্বাচিত হ'লে বলবৎ নহয় কা।
পুৱা ১১.৩০ বজাত: আৱেলি ৪ বজাত ঘোষণা কৰা হ'ব ফলাফল।
পুৱা ১১.২৫ বজাত– পুৱা দ্ৰৌপদী মুৰ্মৰ বাসগৃহত উৎসৱ মুখৰ পৰিৱেশ। ৰাষ্ট্ৰপতিৰূপে আনুষ্ঠানিকভাৱে নিৰ্বাচন হোৱাৰ পাছত ২০ হাজাৰ লাড়ু আৰু ১০০ খন বেনাৰ সাজু কৰি ৰাখিছে।
পুৱা ১১.২০ বজাত- কেন্দ্ৰীয় মন্ত্ৰী কিৰণ ৰিজিজুৰ মন্তব্য- কেৱল জনগোষ্ঠী লোক সকলেই নহয়, সমগ্ৰ দেশেই আজি সুখী আৰু গৌৰৱান্বিত। দেশে প্ৰথম গৰাকী আদিবাসী মহিলা ৰাষ্ট্ৰপতি লাভ কৰিব।
পুৱা ১১.১০ বজাত- মমতা বেনাৰ্জীক ধন্যবাদ আৰু কৃতজ্ঞতা জনাই বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী যশৱন্ত সিনহাই।
পুৱা ১১.০০ বজাত- পাৰ্লিয়ামেন্ট হাউচত ৬৩ নং কোঠাত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগণনা আৰম্ভ।