/asomiyapratidin/media/media_files/2025/01/21/NBwaZuOS66JqI2RbbokD.jpg)
মেঘালয়, ত্ৰিপুৰা আৰু মণিপুৰৰ প্ৰতিষ্ঠা দিৱসত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ শুভেচ্ছা
ডিজিটেল ডেস্ক : উত্তৰ- পূৰ্বাঞ্চলৰ বাবে আজিৰ দিনটো উল্লেখনীয় দিন। কিয়নো আজিৰ এই দিনটোতেই প্ৰতিষ্ঠা লাভ কৰিছিল সাতভনী দেশৰ ৩খন ৰাজ্যই। উল্লেখযোগ্য যে উত্তৰ-পূব অঞ্চল পুনৰ্গঠন আইন, ১৯৭১ৰ অধীনত ২১ জানুৱাৰীত ত্ৰিপুৰা, মণিপুৰ আৰু মেঘালয়ক পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদা দিয়া হৈছিল।
চলিত বৰ্ষত উত্তৰ-পূবৰ এই তিনিওখন ৰাজ্যই প্ৰতিষ্ঠাৰ ৫৩ বছৰত ভৰি দিলে। সেয়ে আজিৰ এই দিনটোত তিনিওখন ৰাজ্যই পৃথকে পৃথকে পালন কৰিব প্ৰতিষ্ঠা দিৱসৰ কেতবোৰ কাৰ্যসূচী।
ইফালে উত্তৰ- পূবৰ এই গৌৰৱৰ মুহূৰ্তত দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে সামাজিক মাধ্যমযোগে তিনিওখন ৰাজ্যলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। ৰাষ্ট্ৰপতি মুৰ্মুৱে কয়- মেঘালয়, ত্ৰিপুৰা আৰু মণিপুৰৰ বাসিন্দাসকলক ৰাজ্যৰ মৰ্যাদা দিৱসৰ শুভেচ্ছা জনালো।
এই ৰাজ্যসমূহৰ উদ্যোগী লোকসকলে দেশৰ উন্নয়নত উল্লেখনীয় অৱদান আগবঢ়াইছে। শান্তিপূৰ্ণ আৰু সমৃদ্ধ ভৱিষ্যতৰ বাবে মই ই ৰাজ্যসমূহৰ বাসিন্দাসকলক শুভেচ্ছা জনাইছো। তেওঁলোকৰ বিবিধ সংস্কৃতি, জীৱন্ত পৰম্পৰা আৰু সমৃদ্ধ জৈৱ বৈচিত্ৰ্য বিকশিত হৈ থাকক।