বিশ্বত কোভিড মেলি দিয়া চীনত এতিয়া কি অৱস্থা: জিনপিঙে দিয়া নাই বহিঃৰাষ্ট্ৰৰ ভেকচিনত অনুমতি

বিশ্বত কোভিড মেলি দিয়া চীনত এতিয়া কি অৱস্থা: জিনপিঙে দিয়া নাই বহিঃৰাষ্ট্ৰৰ ভেকচিনত অনুমতি
বিশ্বত কোভিড মেলি দিয়া চীনত এতিয়া কি অৱস্থা: জিনপিঙে দিয়া নাই বহিঃৰাষ্ট্ৰৰ ভেকচিনত অনুমতি

ডিজিটেল ডেস্কঃ বিশ্বত কোভিড মহামাৰীৰ সংক্ৰমণক কেন্দ্ৰ কৰি আজিও চীনক সন্দেহৰ চকুৰে চাই বিশ্ববাসীয়ে। যদিও কোভিডৰ বাবে চীন জগৰীয়া নহয় বুলি বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰিছে তথাপিও বিশ্বৰ জনসাধাৰণে চীনেই বিশ্বত কোভিড ভাইৰাছ মেলি দিয়া বুলি আজিও দোষাৰোপ কৰি আহিছে।

ইয়াৰ মূল কাৰণ হৈছে কোভিড ভাইৰাছৰ উৎপত্তিস্থল। চীনৰ উহান প্ৰদেশত প্ৰথমবাৰৰ বাবে ধৰা পৰিছিল কোভিড ভাইৰাছ। এই উহান প্ৰদেশৰ পৰাই বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছিল কোভিড।

কোভিডৰ ভয়াবহতাৰ পৰা বৰ্তমান বিশ্ব প্ৰায় ৰক্ষা পৰিছে যদিও এতিয়াও ইয়াৰ প্ৰভাৱ আঁতৰা নাই। নোহোৱা হৈ যোৱা নাই কোভিড। এতিয়াও কোভিডৰ উপস্থিতি আছে প্ৰায়বোৰ দেশতেই। আছে কোভিডে সৃষ্টি কৰা পাৰ্শ্বক্ৰিয়া।

বিশ্বৰ অন্যান্য দেশৰ কথা বাৰু বাদ। চীনত এতিয়া কি পৰিৱেশ সেই বিষয়ে চাগে আপোনাৰো জানিবলৈ মন নিশ্চয়। কোভিডৰ উৎপত্তিস্থল চীনত এতিয়াও দূৰ হোৱা নাই কোভিড।

এতিয়াও চীনত বহু পৰিমাণে চিনাক্ত হৈয়ে আছে কোভিড ৰোগী। যাৰবাবে এতিয়াও চীনৰ ৰাষ্ট্ৰপতিয়ে দেশখনৰ বিভিন্ন প্ৰান্তত মাজে মাজে ঘোষণা কৰিবলৈ বাধ্য হৈছে লকডাউন।

দেশখনত সৃষ্টি হোৱা এনে পৰিস্থিতিৰ মাজতো কিন্তু চীনৰ ৰাষ্ট্ৰপতিয়ে দেশবাসীৰ সুৰক্ষাৰ বাবে আজিও ভেকচিনৰ ক্ষেত্ৰত গ্ৰহণ কৰি আহিছে কঠোৰ সিদ্ধান্ত। যি সময়ত বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰই এখনে আনখন দেশলৈ সহযোগিতাৰ হাত আগবঢ়াই কোভিড ভেকচিন সহজলভ্য কৰি তুলিছে তেনে সময়ত চীনৰ ৰাষ্ট্ৰপতি জিনিপিঙে আজিও দেশখনত সোমাবলৈ দিয়া নাই বহিঃৰাষ্ট্ৰত নিৰ্মিত ভেকচিন।

শেহতীয়াকৈ চীনত পুনৰ বৃদ্ধি পাইছে কোভিড আক্ৰান্তৰ সংখ্যা। তাৰ মাজতে চীনৰ জনসাধাৰণে ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে ৰাজপথত নামি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হৈছে। চীনৰ নাগৰকিক আৰু নালাগে লকডাউন।

যাৰ বাবে কেতিয়াও মুকলিকৈ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত নকৰা চীনা লোকে সেই একেজন ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ সাহস কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰীয় চোৰাংচোৱা দপ্তৰৰ এগৰাকী বিষয়া এভ্ৰিল হেইনছে প্ৰকাশ কৰা অনুসৰি চীনত কোভিড আক্ৰান্তৰ সংখ্যা পুনৰ বৃদ্ধি পাইছে।

তাৰ মাজতো বহু চহৰত ঝি জিনিপিঙে কোভিড পৰীক্ষা হ্ৰাস কৰিবলৈহে নিৰ্দেশ দিছে। সমান্তৰালকৈ চীনৰ নাগৰিকৰ বাবে ভেকচিনৰ ব্যৱস্থা কৰিছে যদিও বহিঃৰাষ্ট্ৰৰ ভেকচিন দেশখনত প্ৰৱেশ কৰিবলৈ দিয়া নাই। যাৰ বাবে নাগৰিকে লকডাউনৰ বিৰুদ্ধে আৰু কোভিড ভেকচিন সহজলভ্য কৰিবলৈ প্ৰতিবাদ কৰিবলৈ ওলাই আহিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in