/asomiyapratidin/media/media_files/2025/02/17/P6ua32ei6MF5LoChHPgu.png)
চাউলত ধৰা পৰিছে বিষাক্ত আছেৰ্নিক - ৩ ৰ উপস্থিতি
ডিজিটেল সংবাদ, বেকাজান : সমগ্ৰ অসমতে বিখ্যাত তিতাবৰৰ চাউল। পিছে অতি শেহতীয়াকৈ এই তিতাবৰৰ চাউলত পোৱা গৈছে মানৱ স্বাস্থ্যৰ পক্ষে অতি মৰাত্মক আছেৰ্নিক - ৩ পজিটিভৰ উপস্থিতি।
সোমবাৰে যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ ভূমি বিজ্ঞান বিভাগৰ গৱেষণাত বিজ্ঞানীসকলে এই ভয়ংকৰ তথ্য পোহৰ লৈ অহাৰ কথা প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে অসম কৃষি বিশ্ববিদ্যালয়ৰ ভূমি বিজ্ঞান বিভাগৰ বিজ্ঞানীসকলে তিতাবৰৰ চাৰিটা অঞ্চলত মাটি, পানী আৰু ধানত আৰ্ছেনিকৰ ওপৰত চলোৱা পৰীক্ষাৰ অন্তত ধানত বিপদজনকভাৱে আৰ্ছেনিকৰ উপস্থিতি পোহৰলৈ আহিছে।
বিজ্ঞানীসকলে প্ৰকাশ কৰা মতে তিতাবৰৰ চাউলৰ প্ৰতি কেজিত বৰ্তমান .৫ পৰা ৮ মাইক্ৰগ্ৰাম আৰ্ছেনিকৰ উপস্থিতি ধৰা পেলাইছে। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে চাউলত আৰ্ছেনিকৰ ৱৰ্ল্ড ষ্টেণ্ডাৰত হৈছে প্ৰতি কেজিত . ১ মাইক্ৰগ্ৰাম । কিন্তু তিতাবৰৰ ধানত কিন্তু প্ৰতি কেজি চাউলত . ৫-পৰা ৮ মাইক্ৰগ্ৰাম । যিটো মানুহৰ স্বাস্থ্যৰ বাবে অতি বিপজ্জনক।
কাৰণ অসমৰ মানুহে দৈনিক দুসাঁজৰ পৰা তিনিসাঁজ ভাত খায়। চাউলত বছৰি আৰ্ছেনিকৰ পৰিমাণ বাঢ়ি গৈ থাকিলে কেন্সাৰ ৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰাৰ কথা প্ৰকাশ কৰিছে। কাৰণ কেন্সাৰৰ সৈতে আৰ্ছেনিকৰ সম্পৰ্ক আছে। তিতাবৰৰ চাউলত ভয়ংকৰ আৰ্ছেনিকৰ উপস্থিতি সম্পৰ্কে অসম কৃষি বিশ্ববিদ্যালয়ৰ ভূমি বিজ্ঞান বিভাগৰ বিজ্ঞানী ডঃ সমীৰণ দত্তই কয় যে তিতাবৰ অসমৰ ধান খেতিৰ বাবে প্ৰসিদ্ধ কিন্তু শেহতীয়াকৈ অসম কৃষি বিশ্ববিদ্যালয়ৰ ভূমি বিজ্ঞান বিভাগে চাৰি অঞ্চলত চলোৱা পানী, মাটি আৰু ধানৰ পৰীক্ষাত মানুহৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক মৰাত্মক আৰ্ছেনিকৰ -৩ উপস্থিতিৰ তথ্য পোহৰলৈ আহিছে।
তেওঁ কয় আৰ্ছেনিকৰ এবিধ বিষাক্ত মৌল। কিন্তু তিতাবৰৰ ধানত আৰ্ছেনিকৰ পৰিমাণ বৃদ্ধি পোৱাতো ভয়ংকৰ কথা। তিতাবৰৰ চাৰিটা এলেকাৰ মাটি, পানী আৰু ধানৰ নমুনা সংগ্ৰহৰ সময়ত দেখা গৈছে যে মাটি আৰ্ছেনিকৰ প্ৰতি ২০ কেজিত .১৫ মাইক্ৰগ্ৰাম আছে। যিটো সঠিক যদিও পানীৰ ক্ষেত্ৰত অতি ভয়ংকৰ তথ্য পোহৰলৈ আহিছে।
তিতাবৰৰ মাধপুৰ শলগুৰি অঞ্চলত প্ৰতি লিটাৰ পানীত .২০ মিলিলিটাৰ পোৱা গৈছে । ৱৰ্ল্ড হেলথ অৰ্গেনাজেচনৰ মতে খোৱা পানীত .১০ মিলি লিটাৰ তলত আৰ্ছেনিক থাকিলেহে মানুহৰ খোৱাৰ উপযোগী । তেওঁ কয় যে পানীত আৰ্ছেনিকৰ পৰিমাণ ভয়ংকৰভাৱে আৰ্ছেনিকৰ -৩ বৃদ্ধি পোৱাৰ ফলত যিহেতু ধানখেতি আবদ্ধ পানীত খেতি কৰা হয় সেয়ে ধানৰ শিপাই পানী শুহি লোৱাৰ ফলত আৰ্ছেনিক বিলাক ধানৰ গুটিত জমা হয়।
এনে ধানৰ ভাত বছৰ বছৰ খোৱাৰ ফলত মানুহৰ স্বাস্থ্যৰ বাবে ভয়ংকৰ ক্ষতিসাধন কৰিব পাৰে। এই ক্ষেত্ৰত চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব লাগে। কিয়নো পূৰ্বে বহু আন্তঃৰাষ্ট্ৰীয় গৱেষণাত তিতাবৰৰ ভূৰ্গৰ পানীত আৰ্ছেনিকৰ তথ্য প্ৰকাশ পাইছিল। যিহেতু আমাৰ হাতত প্ৰযুক্তি আছে গতিকে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি তেওঁ মন্তব্য কৰে ।