নগাঁৱৰ শংকৰ মিছন সাৰ্বজনীন পূজা সমিতিৰ সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ প্ৰস্তুতি...

নগাঁও চহৰৰ মাজমজিয়াৰ শংকৰ মিছন পথস্থিত সাৰ্বজনীন পূজা সমিতিয়ে এইবাৰ পঞ্চাছ বছৰত ভৰি দিয়া উপলক্ষে সোণালী জয়ন্তী উৎসৱ বৰ্ষটি উদযাপন কৰিবলৈ মনস্থ কৰিছে

author-image
Asomiya Pratidin
New Update
নগাঁৱৰ শংকৰ মিছন সাৰ্বজনীন পূজা সমিতিৰ সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ প্ৰস্তুতি

ডিজিটেল সংবাদ, নগাঁও : নগাঁও চহৰৰ মাজমজিয়াৰ শংকৰ মিছন পথস্থিত সাৰ্বজনীন পূজা সমিতিয়ে এইবাৰ পঞ্চাছ বছৰত ভৰি দিয়া উপলক্ষে সোণালী জয়ন্তী উৎসৱ বৰ্ষটি উদযাপন কৰিবলৈ মনস্থ কৰিছে ৷ ১৯৭৬ চনত স্থাপিত সাৰ্বজনীন পূজা সমিতিয়ে দূৰ্গা পূজা প্ৰতি বছৰে উদযাপন কৰাৰ উপৰি বিভিন্ন ধৰণৰ সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান পালন কৰি আহিছে ৷ 

স্থানীয় নৰ্মাল স্কুলৰ প্ৰাঙ্গণত ২০০১ চনৰ পৰা টাইটানিক জাহাজ, দিল্লীৰ লালকিল্লা, পঞ্জাৱৰ স্বৰ্ণ মন্দিৰ, সাংসদ ভৱন, ৰাম মন্দিৰ আদিৰ আৰ্হিৰে প্ৰস্তুত কৰা পেণ্ডেল আৰু আলোকসজ্জাই নগাঁওবাসী তথা অসমবাসীক মোহিত কৰিছে ৷  এইবাৰ সাৰ্বজনীন পূজা সমিতিয়ে বৃহৎ পৰিমাণৰ বাজেটেৰে সোণালী জয়ন্তী উৎসৱ উদযাপন কৰিবলৈ থিৰাং কৰিছে৷ 

সোণালী জয়ন্তীৰ লগত সংগতি ৰাখি এইবাৰ বিভিন্ন সামাজিক কামও হাতত লোৱা হৈছে ৷ যোৱা ১৫ এপ্ৰিলত গণেশ পূজাৰে আৰম্ভণি কৰা আৰু দেওবাৰে সমিতিৰ কাৰ্যালয়ৰ সভাকক্ষত ৰক্তদান শিবিৰৰ আয়োজন কৰা হয় ৷ শিবিৰটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে স্হানীয় বিধায়ক ৰূপক শৰ্মাই ৷ 

অনুষ্ঠানটোত নগাঁও পৌৰসভাৰ উপ-সভাপতি সীমান্ত বৰা, ১৭ নং ৱাৰ্ডৰ কমিচনাৰ স্বপ্না লোধ প্ৰমুখ্যে সমিতিৰ সদস্যসকল উপস্থিত থাকে ৷ বিধায়ক ৰূপক শৰ্মাই শিবিৰটো উদ্বোধন কৰি কয় যে সোনালী জয়ন্তী বৰ্ষপূৰ্তিৰ ৰক্তদান শিবিৰ মানৱ জগতৰ এক জীৱনদান ৷ 

মুঠ ৩৮ গৰাকীয়ে ৰক্তদান কৰা শিবিৰটো সামাজিক কামৰ এক উল্লেখনীয় বুলি উল্লেখ কৰে ৷ তদুপৰি সোনালী জয়ন্তী বৰ্ষটোৰ পিছত কোনো দৰিদ্ৰ অঞ্চলত স্বাস্থ্য শিবিৰ আয়োজন কৰা, বানাক্ৰান্ত লোকক সাহায্য প্ৰদান কৰা,  বিভিন্ন স্থানত গছপুলি ৰোপণ আঁচনি, স্বচ্ছ ভাৰত অভিযান  আদিৰ কাৰ্যসূচী  আয়োজন কৰা হ’ব৷

সোণালী জয়ন্তী