বৰমাত ৰংজালি বৈছাগু ফোৰবো পালনৰ প্ৰস্তুতি...

বাক্সা জিলাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ বৰমা আঞ্চলিক সমিতিৰ কাৰ্যালয় আৰু বৰমা উদাংশ্ৰী স্পৰ্টছ ক্লাবৰ প্ৰাঙ্গণত অহা ২০ এপ্ৰিলত ১৪ সংখ্যক ৰংজালি বৈছাগু ফোৰবো পালনৰ প্ৰস্তুতি  আৰম্ভ হৈছে ৷

author-image
Asomiya Pratidin
New Update
বৰমাত ৰংজালি বৈছাগু ফোৰবো পালনৰ প্ৰস্তুতি

ডিজিটেল সংবাদ, বৰমা : বাক্সা জিলাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ বৰমা আঞ্চলিক সমিতিৰ কাৰ্যালয় আৰু বৰমা উদাংশ্ৰী স্পৰ্টছ ক্লাবৰ প্ৰাঙ্গণত অহা ২০ এপ্ৰিলত ১৪ সংখ্যক ৰংজালি বৈছাগু ফোৰবো পালনৰ প্ৰস্তুতি  আৰম্ভ হৈছে ৷ ৰংজালি বৈছাগু ফোৰবো পালনৰ কাৰণে বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ গদাধৰ বড়োক সভাপতি আৰু শিক্ষক দুলাল স্বৰ্গীয়াৰীক সাধাৰণ সম্পাদক হিচাপে লৈ এখন পুৰ্ণাংগ কমিটি গঠন কৰা হয় ৷

Advertisment

অহা ২০ এপ্ৰিল ( ৬ ব'হাগ)ত দিনজোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত হ'ব লগা বৈছাগু ফোৰবোৰ কাৰ্য্যসূচী অনুসৰি পুৱা ৭ বজাত মুখ্য দ্বাৰ উন্মোচন কৰিব বিটিচিৰ কেন্দ্ৰীয় নিৰ্বাচনী ব'ৰ্ডৰ অধ্যক্ষ দিপক কুমাৰ বসুমতাৰীয়ে। একেদৰে মুখ্য মঞ্চ উন্মোচন কৰিব ভাৰতীয় ষ্টেট বেংক, মাখিবাহা শাখা প্ৰৱদ্ধক মাধৱ ৰামছিয়াৰীয়ে।

ভোজনালয় উদ্ধোধন কৰিব বৰমা আঞ্চলিক সদৌ বড়ো জেষ্ঠ নাগৰিক মঞ্চৰ সভাপতি ভূধৰ ব্ৰহ্মই। ৰংজালী বৈশাগো ফৌৰবো ফালিথায়ৰ পতাকা উত্তোলন কৰিব সভাপতি গদাধৰ বড়ো ৷

মৃতকসকলৰ নামত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিব বৰমা প্ৰাথমিক বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি জগেন ৰামচিয়াৰীয়ে । গছপুলি ৰোপণ কৰিব ৯৭০ নং ঠেকেৰাকুছি প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বিনদ ৰামছিয়াৰীয়ে ৷ 

পুৱা  ৯-০০ বজাত জ্যেষ্ঠসকলক মান কৰা আৰু সৰুক আশীৰ্বাদ দিয়া কাৰ্যসূচী সম্পন্ন হ'ব ৷ ইয়াৰ পিছতেই বড়োমূলীয় খাদ্য গ্ৰহণ কৰা হ'ব ৷ ইয়াৰ পিছত সমুহীয়া বৈছাগু নৃত্যৰে পুৰ্তিবাস অনুষ্ঠান ৷

এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব বিটিআৰৰ কাৰ্য্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই ৷ ১০ বজাৰ পৰা বিভিন্ন খেল-ধেমালি আৰু নৃত্য প্ৰতিযোগিতা উদ্বোধন কৰিব নিখিল বড়ো ছাত্ৰ সন্থাৰ বৰমা আঞ্চলিক সমিতিৰ প্ৰাক্তন সম্পাদক বিষ্টি কুমাৰ বড়োৱে ৷ 

দুপৰীয়া ২ বজাত গদাধৰ বড়োৰ সভাপতিত্ব সাংস্কৃতিক মুকলি সভা ৷ সাংস্কৃতিক সভা মুকলি কৰিব বৰমা মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষা ৰৈৰূপ ব্ৰহ্মই ৷

৯ সংখ্যক স্মৃতিগ্ৰন্থ ''বৈছাগো ৰিফিনায়’’ উন্মোচন কৰিব বৰমা মহাবিদ্যালয়ৰ প্ৰবক্তা  ড° কবিতা ৰামছিয়াৰীয়ে ৷ মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ৬২ নং বৰমা বিধানসভা সমষ্টিৰ বিধায়ক ভুপেন বড়োৱে, বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব নিখিল বড়ো ছাত্ৰ সন্থা বাক্সা জিলাৰ সভাপতি নন্দেশ্বৰ বড়োই।

আনহাতে অতিথি হিচাপে উপস্থিত থাকিব বৰমা চেম্বাৰ্চ অফ কমাৰ্চৰ সভাপতি বিপুল কলিতা, সমাজকৰ্মী ক্ৰমে জগেন চৌধুৰী, নৰেন বড়ো, ধৰনী বড়ো ৷ সন্ধিয়া ৬ বজাত বঁটা বিতৰণী সভা ৷ ৬:৩০ বজাৰ পৰা  নৃত্য প্ৰতিযোগিতা ৷ উক্ত বৈশাগু ফোৰবো উদযাপনত সকলোৰে সহায় সহযোগিতা কামনা কৰিছে উদ্যোক্তাসকলে ।

বৰমা