/asomiyapratidin/media/media_files/2025/01/07/GWiTyD8V9lnfR2TZsHML.jpg)
Preparations to celebrate Maharajat Jayanti
ডিজিটেল সংবাদ, বেবেজীয়া : মৰিগাঁও জিলাৰ কপিলী শিক্ষাখণ্ডৰ অধীনৰ পূব বৰভগীয়া প্ৰাথমিক বিদ্যালয়ে ইতিমধ্য ৭৫ বছৰ সম্পূৰ্ণ কৰিলে। জ্ঞানৰ পোহৰ বিলাই অহা বিদ্যালয়খনিৰ অহা ১৮ আৰু ১৯ জানুৱাৰীত দুদিনীয়া বৰ্ণিল কাৰ্যক্ৰমণিকাৰে মহাৰজত জয়ন্তী উদযাপন অনুষ্ঠানটি অনুষ্ঠিত হ'ব।
উক্ত কাৰ্য্যসূচীৰ লগত সংগতি ৰাখি সোমবাৰে এক মাংগলিক পৰিৱেশত লাই খুঁটা স্থাপন কৰা হয়। আয়তীৰ উৰুলি, মংগলধ্বনিৰে সম্পন্ন হোৱা অনুষ্ঠানটিৰ লাই খুঁটা স্থাপন কৰে উদযাপন সমিতিৰ সভাপতি ক্ষীৰোদ কুমাৰ নাথে।
অনুষ্ঠানত উদযাপন সমিতিৰ যুটীয়া সম্পাদক পল্লৱজ্যোতি নাথ, নিৰঞ্জন নাথ, দুলন নাথ, শিশিৰ নাথকে ধৰি প্ৰধান শিক্ষক তিলক চন্দ্ৰ নাথ, শিক্ষকসকল, ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। উল্লেখ্য যে, অহা ১৮ আৰু ১৯ জানুৱাৰী হ'ব লগা মহাৰজত জয়ন্তী উদযাপন অনুষ্ঠানত বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা, প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ মত বিনিময় অনুষ্ঠান, কুইজ, চিত্ৰাংকন প্ৰতিযোগিতা, মুকলি সভা, বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানকে ধৰি বিভিন্ন কাৰ্যসূচী ৰূপায়িত হ'ব।