/asomiyapratidin/media/media_files/2025/05/08/Lh9DIwjejMl7ub0lbfC4.jpg)
কেন্দ্ৰীয় ৰঙালী বিহু উদযাপনৰ প্ৰস্তুতি
ডিজিটেল সংবাদ, কামপুৰ : কামপুৰৰ তেতেঁলীসৰাৰ চতুৰ্থ বৰ্ষৰ কেন্দ্ৰীয় ৰঙালী বিহু উদযাপনৰ ব্যাপক প্ৰস্তুতি চলাইছে আয়োজকসকলে। এই উপলক্ষে বৃহস্পতিবাৰে কামপুৰৰ তেঁতেলীসৰাৰ বামুন দলং বলুকাত যথেষ্ঠ সংখ্যক ৰাইজৰ উপস্থিতিত বিহু উৎসৱৰ লাইখুটা স্থাপন কৰে ধৰ্মপৰায়ণ ব্যক্তি গনেশ ভূঞাই।
উল্লেখ্য যে এই বিহু সন্মিলনতে এইবাৰ জনপ্ৰিয় কণ্ঠশিল্পী বিজয় ভূঞাক অহা ১৭ মে’ত ‘নিশাৰী বঁটা ২০২৫’ প্ৰদান কৰিব। তেঁতেলীসৰা নিশাৰীপাৰৰ শিল্পী বিজয় ভূঞাই আশীৰ দশকৰ পৰা দুটা দশক ধৰি থলুৱা লোক সংগীতৰ মাজেৰে অসমৰ সংগীত জগতত নিজৰ আসন দখল কৰিবলৈ সক্ষম হৈছিল।
ইয়াৰ উপৰি উক্ত সময়ছোৱাত কণ্ঠশিল্পী সন্ধ্য মেননৰ জুতিৰে অসমত খলকনি সৃষ্টি কৰিছিল শিল্পী বিজয় ভূঞাই। অহা ১৬ আৰু ১৭ মে’ত হ’ব লগা এই বিহু উৎসৱত সদৌ অসম ভিত্তিত বিহুকুঁৱৰী প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।
উল্লেখযোগ্য যে, বিহুকুঁৱৰী প্ৰতিযোগিতাৰ প্ৰথম শ্ৰেষ্ঠ প্ৰতিযোগীক ৩৫,০০১ হাজাৰ টকাৰে পুৰস্কৃত কৰিব বুলি উদ্যোক্তাই জনায়। একেদৰে দ্বিতীয় শ্ৰেষ্ঠ প্ৰতিযোগীক ২৫,০০১ টকা আৰু তৃতীয় শ্ৰেষ্ঠ প্ৰতিযোগীক ১৫,০০ ১টকাৰ পুৰস্কাৰ আগবঢ়াব।
ইয়াৰোপৰি দুদিনীয়া কাৰ্যসৃচীত প্ৰতিভা বিকাশমূলক প্ৰতিযোগিতা, তিৱা নৃত্য, বিহু নৃত্য আদি কাৰ্যসৃচী অনুষ্ঠিত কৰা হ’ব। আনহাতে ১৭ মে’ত হ’ব লগা সাংস্কৃতিক অনুষ্ঠানত গীত পৰিবেশন কৰিব কণ্ঠশিল্পী স্বৰাজ দাস আৰু অংকিতা কাকতিয়ে।
আয়োজকসকলে আটাইকেইটা কাৰ্যসূচীত সকলোৰে উপস্থিতি আৰু সহায় সহযোগিতা কামনা কৰিছে। উদযাপন সমিতিৰ সভাপতি মাধৱ দাস আৰু সম্পাদক কল্যাণ ৰাজখোৱাই 7002862260 আৰু 8011154220 নম্বৰত সবিশেষ জানিবৰ বাবে যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।