উত্তৰ শালমাৰাত মহাবীৰ লাচিতৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী উদযাপনৰ প্ৰস্তুতি...

জিলা প্ৰশাসনৰ বিভিন্ন কাৰ্যসূচীত ৰাইজক অংশগ্ৰহণৰ আহ্বান...

author-image
Asomiya Pratidin
New Update
উত্তৰ শালমাৰাত মহাবীৰ লাচিতৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী উদযাপনৰ প্ৰস্তুতি...

LACHIT

ডিজিটেল ডেস্কঃ অসমৰ জাতীয় বীৰ মহানায়ক লাচিত বৰফুকনৰ ৪০০ তম জন্ম জয়ন্তী উদযাপনৰ প্ৰস্তুতি আৰম্ভ কৰিছে অসম চৰকাৰে। বীৰ লাচিতৰ ৪০০ বছৰীয়া জন্ম জয়ন্তীৰ কাৰ্যসূচী আৰম্ভ কৰি ৰাজ্যৰ প্ৰতিটো চুক-কোণৰ সকলো নাগৰিককে মহাবীৰজনৰ বীৰত্বৰ লগতে তেওঁৰ কৰ্মৰাজিৰ ওপৰত লিখা- মেলা কৰিবলৈ আহ্বান জনাইছে।

Advertisment

আনহাতে অসম চৰকাৰৰ মুখ্য সচিবৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা এখন সভাৰ সকাৰ্যবিৱৰণী অনুসৰি প্ৰতিটো বিভাগক এই কাৰ্যসূচীত সৰ্বসাধাৰণক জড়িত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। ইতিমধ্যে ৰাজ্যৰ বিভিন্ন জিলাৰ জিলা প্ৰশাসনে এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰি বীৰ লাচিতৰ ওপৰত লেখা-মেলা আহ্বান কৰিছে।

একেদৰে উত্তৰ শালমাৰা মহকুমাৰ অন্তৰ্গত সমূহ ৰাইজক এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি মহান বীৰপুৰুষ জনক বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰিবলৈ মহকুমা প্ৰশাসনৰ তৰফৰ পৰা আহ্বান জনাইছে।

LACHIT BORPHUKAN south salmara