/asomiyapratidin/media/media_files/2024/12/15/uLUyGDGUSQ256xf8EjmT.jpg)
ডিজিটেল সংবাদ, ৰহা : ৰহাত ৩জানুৱাৰীত অনুষ্ঠিত হ'ব ঐতিহাসিক তিৱা ৰজা বীৰ জোঙালবলহু দিৱস। তিৱা স্বায়ত্ব পৰিষদৰ পৃষ্ঠপোষকতাত তথা তিৱা জাতীয় সংগঠনসমূহৰ উদ্যোগত ৰহাৰ জোঙালবলহু ক্ষেত্ৰৰ অনুষ্ঠিত হ'বলগীয়া এই জোঙালবলহু দিৱসৰ উপলক্ষে শনিবাৰে বিয়লি এক সংবাদমেল অনুষ্ঠিত কৰে আয়োজক সমিতিয়ে।
সংবাদমেলত জোঙালবলহু দিৱসৰ কাৰ্যসূচী উন্মোচন কৰি উদযাপন সমিতিৰ সভাপতি তথা তিৱা স্বায়ত্ব পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰণৱজ্যোতি মছৰঙে জোঙালবলহু দিৱসত সকলোৰে সহযোগিতা কামনা কৰে। জোঙালবলহু দিৱসৰ কাৰ্যসূচী অনুসৰি ৩জানুৱাৰী পুৱা তিৱাসকলৰ পৰম্পৰাগত পিতৃ পূজাৰে কাৰ্যসূচী শুভাৰম্ভ কৰা হ'ব।
ইয়াৰ পিচতে বন্তি প্ৰজ্জ্বলন, তিৱা জাতীয় সংগঠনসমূহৰ পতাকা উত্তোলন, মূলদ্বাৰ, প্ৰদৰ্শনী, গ্ৰন্থ বিপণী আদিৰ দ্বাৰ উন্মোচন কৰা হ'ব। একেদৰে দুপৰীয়া ১২-০০ বজাত অনুষ্ঠিত হ'ব মুকলি সভা।
মুকলি সভাত মুখ্য অতিথি হিচাপে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী উপস্থিত থাকিব বুলি উদ্যোক্তাই জনায়। লগতে মন্ত্ৰী ৰঞ্জিত দাস, পীযুষ হাজৰিকা, অজন্তা নেওগ, জয়ন্ত মল্লবৰুৱা প্ৰমূখ্যে বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে মুকলি সভাত অংশগ্ৰহণ কৰিব। মুকলি সভাত জোঙালবলহু দিৱসৰ স্মাৰকগ্ৰন্থও উন্মোচন কৰা হ'ব।
উল্লেখযোগ্য যে প্ৰায় ১৪ লাখ টকাৰ বাজেটেৰে অনুষ্ঠিত হ'বলগীয়া জোঙালবলহু দিৱসৰ বাবে ইতিমধ্যে প্ৰস্তুতি পূৰ্ণ গতিত চলিছে। উল্লেখ্য যে ঐতিহাসিক বীৰ ৰজা তথা তিৱাসকলৰ পিতৃপুৰুষ জোঙালবলহুৰ ৰাজধানী জোঙালবলহু গড়ত বীৰজনাৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে।
তাৰোপৰি ঐতিহাসিক জোঙালবলহু ক্ষেত্ৰখনক আধুনিক পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে ১০০ কোটি টকা মোকলাই দিছে আৰু ইয়াৰ কাম পূৰ্ণগতিত চলি আছে। এই আঁচনি সম্পূৰ্ণ হ'লেই জিলিকি উঠিব ঐতিহ্য বহনকাৰী জোঙালবলহু ক্ষেত্ৰ।