/asomiyapratidin/media/media_files/2025/01/09/wCQYKk9DkWwJ7dNTIrzK.jpg)
ডিজিটেল সংবাদ,খেৰণিঃ হেঁপাহৰ ভোগালী বিহুলৈ মাজত মাথো কেইটামান দিন বাকী ৷ ভোগালীক আদৰাৰ সমান্তৰালকৈ পশ্চিম কাৰ্বি আংলঙৰ ফেলাংপিৰ বাৰপুজিয়া গাঁৱতো দেখিবলৈ পোৱা গৈছে তিৱা পিচু উদযাপনক লৈ ব্যাপক ব্যস্ততা ।
তিৱা পিচু উদযাপনক লৈ বাৰপুজিয়া গাঁৱত দেখিবলৈ পোৱা গৈছে এক উদুলি মুদুলি পৰিৱেশ। কৃষ্টি-সংস্কৃতি আৰু জাতীয় পৰম্পৰা ৰক্ষাৰ স্বাৰ্থত হাতে হাতে কাঁচি আদি লৈ পথাৰত এফালে জীয়ৰী-বোৱাৰীয়ে নৰা কাটিছে, আনফালে ডেকা, বুঢ়াই মিলি ভেলাঘৰ, মেজি আদি নিৰ্মাণ কৰা কাৰ্য্যত ব্যস্ত হোৱা পৰিলক্ষিত হৈছে গাঁওখনত।
নাচি বাগি, বিহু গীত আওৰাই তিৱা পিচু উদযাপনৰ বাবে আনন্দত মতলীয়া হোৱা পৰিলক্ষিত হৈছে এতিয়া গাঁওখনৰ সকলো।