ধুবুৰীত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকী পালনৰ প্ৰস্তুতি

ধুবুৰী জিলা প্ৰশাসনৰ উদ্যোগত আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহযোগত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ চতুৰ্দশতম মৃত্যু বাৰ্ষিকী পালনৰ প্ৰস্তুতি চলিছে জিলাখনত

author-image
Asomiya Pratidin
New Update
130

ডিজিটেল সংবাদ, ধুবুৰী : ধুবুৰী জিলা প্ৰশাসনৰ উদ্যোগত আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহযোগত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ চতুৰ্দশতম মৃত্যু বাৰ্ষিকী পালনৰ প্ৰস্তুতি চলিছে জিলাখনত। এই সন্দৰ্ভত সোমবাৰে জিলা আয়ুক্ত দিবাকৰ নাথে জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এক মত বিনিময় কৰে।  

সেইমতে জিলা আয়ুক্ত দিবাকৰ নাথে উল্লেখ কৰি কয় যে, কাইলৈ অৰ্থাৎ ৫ নৱেম্বৰত পুৱা ১১ বজাত ড° ভূপেন হাজৰিকাৰ আলোকচিত্ৰত পুষ্পাঞ্জলি প্ৰদান কৰাৰ লগতে কেবাটাও কাৰ্যসূচী গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে।

ড° ভূপেন হাজৰিকা