/asomiyapratidin/media/media_files/2025/03/20/sF7CGkbguX7VPJjSSAcm.jpg)
ডিজিটেল সংবাদ,ঢকুৱাখনা: শ্ৰী মন্ত শংকৰদেৱ গুৰুজনাৰ প্ৰপন্ন শিষ্য মহাপুৰুষ অনিৰুদ্ধ দেৱ। নৱ বৈষ্ণৱ ধৰ্মৰ চতুৰ্থ গৰাকী ধৰ্মগুৰু অনিৰুদ্ধ দেৱৰ ভক্তি দৰ্শনৰ প্ৰচাৰ প্ৰসাৰ কৰি অহা সদৌ অসম মায়ামৰা সাংস্কৃতিক সমাজৰ ৩৮ সংখ্যক কেন্দ্ৰীয় দ্বি বাৰ্ষিক অধিবেশনখন ঢকুৱাখনাত অনুষ্ঠিত কৰাৰ ব্যাপক প্ৰস্তুতি চলিছে।
মায়ামৰা সাংস্কৃতিক সমাজৰ ঢকুৱাখনা আৰু ধেমাজি জিলাৰ সৌজন্যত ঢকুৱাখনাৰ বাঁহপৰা উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাঙ্গনৰ নিত্যানন্দ দেৱ সমন্বয় ক্ষেত্ৰত ২১ ,২২আৰু ২৩ মাৰ্চত পূৰ্ণাংগ অধিবেশন অনুষ্ঠিত হ'ব।
অধিবেশনৰ অভ্যৰ্থনা সমিতিৰ যুটীয়া সম্পাদক নন্দেশ্বৰ দাস আৰু ডিম্বেশ্বৰ দাসে জনোৱা মতে ২১ মাৰ্চৰ প্ৰথম দিনা পুৱা সমন্বয় ক্ষেত্ৰৰ দ্বাৰ উন্মোচন, বন্তি প্ৰজ্বলন, অস্থায়ী নামঘৰ উৎসৰ্গা, ভাগৱত থাপনা , ভাগৱত পাঠৰ পাছতে ধৰ্ম ধৱজা উত্তোলন কৰিব দিনজয় সত্ৰৰ সত্ৰাধিকাৰ মুকুন্দা নন্দ দেৱগোস্বামীয়ে।
ইয়াৰ পাছতে সাংস্কৃতিক সমাজৰ পতাকা উত্তোলন কৰিব সমাজৰ কেন্দ্ৰীয় সভাপতি ৰেবত চন্দ্ৰ দাসে ।লগতে সদৌ অসম মায়ামৰা হৰিজি সমাজৰ পতাকা উত্তোলন কৰিব সভানেত্ৰী ৰূপালী দাসে। তাৰোপৰি ঢকুৱাখনা আৰু ধেমাজি জিলাৰ পতাকা উত্তোলন কৰা হব সমন্বয় ক্ষেত্ৰত।
ইয়াৰ পাছতে প্ৰতিনিধি শিবিৰ মুকলি ,প্ৰদৰ্শনী , গ্ৰন্থমেলা , বাণিজ্য মেলাৰ দ্বাৰ উন্মোচন, প্ৰেক্ষাগৃহ আৰু মঞ্চ উদ্বোধনৰ পাছতে যুৱ আলোচনা সত্ৰ অনুষ্ঠিত হ'ব। "বর্তমান যুৱ সমাজত আধ্যাত্মিক তত্বৰ প্ৰাসংগিকতা" শীৰ্ষক আলোচনা সত্ৰৰ সঞ্চলনা কৰিব মায়ামৰা সমাজৰ সম্পাদক ভবেশ চেতিয়াই।
আলোচক হিচাবে বিশিষ্ট শিক্ষাবিদ ডঃ জ্যোতিষ্মান দাস, তৃষ্ণা জ্যোতি দাস,ডঃ বলোৰাম দাস , দুৰ্লভ বৰা আৰু মানস প্ৰতীম গোস্বামীযে অংশগ্ৰহণ কৰিব । বিয়লি মায়ামৰা সমাজৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ'ব। দ্বিতীয় দিনা ধৰ্মীয় সাংস্কৃতিক শোভাযাত্ৰাৰ পাছতে সাংগঠনিক সভা অনুষ্ঠিত হ'ব।
অধিবেশনৰ তৃতীয় অৰ্থাৎ অন্তিম দিনা ধৰ্মীয় আলোচনাৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হ'ব। মায়ামৰা সমাজত গুৰু শিষ্যৰ অনবদ্য সম্পৰ্ক শীর্ষক ধৰ্মীয় আলোচনাত সত্ৰাধিকাৰ শুক্ল চন্দ্ৰ গোস্বামী, সত্ৰাধিকাৰ হৰকান্ত মহন্তই আলোচক হিচাবে অংশগ্ৰহণ কৰিব। দুপৰীয়া মুকলি সভাৰ উদ্বোধন কৰিব সাংস্কৃতিক সমাজৰ সমন্বয়ক নীলমণি হাজৰিকাই ।
মুকলি সভাতেই অধিবেশনৰ স্মৃতিগ্ৰন্থ উন্মোচন কৰিব প্ৰবীণ শিক্ষাবিদ ড০ মিনামুদ্দিন আহমেদে । মুকলি সভাত মুখ্য অতিথি হিচাবে অসম সত্ৰ মহাসভাৰ সভাপতি জীতেন্দ্ৰ প্ৰধানী, নিৰ্দিষ্ট বক্তা হিচাবে বিশিষ্ট সাংবাদিক নিতুমনি শইকীয়া, বিশিষ্ট অতিথি হিচাবে অৱসৰপ্ৰাপ্ত অধ্যাপিকা ড০ জাহ্নৱী গগৈ নাথ, মায়ামৰা সত্ৰৰ সমূহ সত্ৰাধিকাৰ গুৰু সকলৰ লগতে বহু কেইগৰাকী মন্ত্ৰী ,বিধায়ক আৰু প্ৰশাসনিক বিষয়া উপস্থিত থাকিব ।
অধিবেশনৰ কেউটা দিনৰ সন্ধিয়া ধৰ্মীয় সাংস্কৃতিক কাৰ্যসূচীৰ লগতে ভাওনা প্ৰদৰ্শনৰ ব্যৱস্থা গ্ৰহণ কৰিছে অভ্যৰ্থনা সমিতিয়ে। ৰাজ্যখনৰ অৰ্ধলক্ষাধিক ভকত বৈষ্ণৱৰ লগতে ধৰ্মপ্ৰাণ ৰাইজ সমবেত হব লগা এই অধিবেশনলৈ আগমন ঘটা প্ৰতিগৰাকী বৈষ্ণৱক আদৰিবলৈ সাজু মায়ামৰা সাংস্কৃতিক সমাজৰ কেন্দ্ৰীয় আৰু অভ্যৰ্থনা সমিতি। অভ্যৰ্থনা সমিতিযে কেউটা দিনৰ সমূহ কাৰ্যসূচীত ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতি আৰু সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে।