/asomiyapratidin/media/media_files/2025/04/10/HbhwfCivDpBmWQCU2CFR.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাট : অখিল ভাৰতীয় নেৱাৰ সংগঠনৰ শোণিতপুৰ জিলাৰ সমিতিৰ ত্ৰি- বাৰ্ষিক অধিৱেশনখন অহা ১৮ আৰু ১৯ এপ্ৰিলত দুদিনীয়া কাৰ্য্যসুচীৰে জামুগুৰিহাটৰ মংগলবৰীয়া খেলপথাৰত অনুষ্ঠিত কৰাৰ ব্যাপক আয়োজন চলিছে ৷ এই উপলক্ষে অভ্যৰ্থনা সমিতিৰ সভাপতি চুৰজ প্ৰধান আৰু সম্পাদক ৰাজেন নেৱাৰে এক সংবাদমেল সম্বোধন কৰে।
সংবাদমেলত দুদিনীয়া কাৰ্য্যসূচী ঘোষণা কৰি নেৱাৰ যুৱকসকলৰ সামুহিক ব্ৰত বন্ধ আৰু যুৱতীসকলৰ সামূহিক বেল বিবাহ আদি অনুষ্ঠিত কৰা সন্দৰ্ভত ব্যাখ্যা দাঙি ধৰে ৷ লগতে অভ্যৰ্থনা সমিতিখনে নেৱাৰ সংগঠনৰ জিলা অধিবেশনখনি সৰ্ব্বাতোপ্ৰকাৰে সাফল্যমণ্ডিত তোলাৰ ক্ষেত্ৰত সকলো শ্ৰেণীৰ ৰাইজৰ সহায় - সহযোগিতা কামনা কৰে ৷