ডিজিটেল সংবাদ: ঢকুৱাখনা: জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ গুণানুকীৰ্তন আৰু সৃষ্টিৰাজিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উৎসৰ্গিত আধ্যাত্মিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘ। গুৰুজনাৰ ভক্তি মাৰ্গ দৰ্শন সাহিত্য আৰু সংস্কৃতি জগতজুৰি বিলাই দিয়াৰ একক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ঢকুৱাখনা জিলা শাখাৰ ৩৪ সংখ্যক বাৰ্ষিক অধিবেশন ভংগ কৰি অনুষ্ঠিত কৰা পৰ্বৰ শুভাৰম্ভ হৈছে ।
বুধবাৰে ১নং হিলৈদাৰী গাঁও ভকতা পুখুৰী আশ্ৰম প্ৰাঙ্গনত এই উদ্দেশ্যেৰে এক অনুষ্ঠান অনুষ্ঠিত কৰা হয় । ঢকুৱাখনা আঞ্চলিক শাখাৰ উদ্যোগত মাধৱ প্ৰাথমিক শাখাৰ আতিথ্যত ২০২৫ বর্ষৰ ১৭,১৮ আৰু ১৯ জানুৱাৰীত অনুষ্ঠিত হ'ব লগা এই জিলা অধিবেশনৰ মূল মণ্ডপৰ বুধবাৰে লাই খুঁটা স্থাপন কৰা হয় ।
পুৱা জিলা শাখাৰ লগতে আঞ্চলিক আৰু প্ৰাথমিক শাখাৰ কেইবা শতাধিক ভকত বৈষ্ণৱৰ ভক্তিপূৰ্বক উপস্থিতিৰ মাজত ৰুক্ম নাথ গগৈ সমন্বয় ক্ষেত্ৰত পবিত্ৰ লাই খুঁটা স্থাপন কৰে ঢকুৱাখনা জিলা শাখাৰ সভাপতি পূৰ্ণানন্দ গগৈয়ে । ভক্ত প্ৰাণ ৰাইজৰ উৰুলি, মঙ্গল ধ্বনি , গাণিকা দলৰ গুৰুবাদ্যৰ অপূৰ্ব ঘাটৰ মাজত লাই খুঁটা স্থাপন কৰা অনুষ্ঠানত বিধায়ক নব দলেও উপস্থিত থাকে ।
জিলা শাখাৰ সম্পাদক পুতুল শইকীয়া,আঞ্চলিক শাখাৰ সভাপতি বলীন কুমাৰ গগৈ ,সম্পাদক প্ৰদীপ গগৈ, আদৰণি সমিতিৰ সভাপতি ৰাম মোহন গগৈ,কাৰ্যকৰী সভাপতি ধৰ্মেশ্বৰ গগৈ, সম্পাদক প্ৰাঞ্জল প্ৰতীম ফুকনকে প্ৰমুখ্য কৰি গৰিষ্ঠ সংখ্যক সংঘৰ বিষয় ববীয়া উপস্থিত থাকে এই পবিত্ৰ অনুষ্ঠানত । ইয়াৰ পাছতে দুপৰীয়া মুকলি সভা অনুষ্ঠিত হয় জিলা সভাপতি পূৰ্ণানন্দ গগৈৰ সভাপতিত্বত । জিলা সম্পাদক পুতুল শইকীয়াই উদ্বোধন কৰা সভাত সন্মানীয় অতিথি হিচাপে সংঘৰ কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ শাখাৰ সভাপতি টংকেশ্বৰ গোঁহাই, সংঘৰ মূলৰ সদস্য বলোৰাম দত্ত, শৰণ সদস্য থানেশ্বৰ বৰা উপস্থিত থাকে ।
মাধৱ প্ৰাথমিক শাখাৰ লক্ষেশ্বৰ গগৈৰ বন্তি প্ৰজ্বলন আৰু শৰাই অৰ্পণ, গন্ধেশ্বৰ গগৈৰ নাম প্ৰসংগৰে শুভাৰম্ভ হোৱা অনুষ্ঠানৰ মুকলি সভাত বিশিষ্ট অতিথি হিচাপে জিলা শাখাৰ নৰ ফুকন, বগেন কোঁচ ,হেমন্ত ভৰালী ,পবিত্ৰ চুতীয়া আদি বহু কেইগৰাকী ধৰ্মপ্ৰাণ ব্যক্তি উপস্থিত থাকে ।
আদৰণি সমিতিৰ সম্পাদক প্ৰাঞ্জল প্ৰতীম ফুকনে বাৰ্ষিক অধিবেশনৰ মূল কাৰ্যসূচীত সংঘৰ পদাধিকাৰ,প্ৰাক্তন পদাধিকাৰ, প্ৰধান সম্পাদক, সেৱা বাহিনীৰ সভাপতি সম্পাদককে প্ৰমুখ্য কৰি বহু কেইগৰাকী বিশিষ্ট ধৰ্ম সাধক উপস্থিত থাকিব বুলি জানিবলৈ দিয়ে । লগতে তিনিওটা দিনৰ কাৰ্যসূচীত ভক্তপ্ৰাণ বাপ বান্ধৱ, আই মাতৃসমস্ত আৰু ভকত বৈষ্ণৱ সকলৰ উপস্থিতি আৰু সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে ।