জামুগুৰিহাটত শ্ৰীমন্ত শঙ্কৰদেৱৰ সংঘৰ অধিবেশনৰ প্ৰস্তুতি

জামুগুৰিহাটৰ ভৰলীপৰীয়া কন্যকা বহুমুখী পামত দেওবাৰে শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ৫ হেজাৰৰো অধিক আই-মাতৃ, ভকত- বৈষ্ণৱসকল একত্ৰিত হৈ অধিবেশনৰ বাবে খেৰ কটা পৰ্বত অংশগ্ৰহন কৰে ৷

author-image
Asomiya Pratidin
New Update
জামুগুৰিহাটত শ্ৰীমন্ত শঙ্কৰদেৱৰ সংঘৰ অধিবেশনৰ প্ৰস্তুতি

জামুগুৰিহাটত শ্ৰীমন্ত শঙ্কৰদেৱৰ সংঘৰ অধিবেশনৰ প্ৰস্তুতি

ডিজিটেল সংবাদ, জামুগুৰিহাট : জামুগুৰিহাটৰ ভৰলীপৰীয়া কন্যকা বহুমুখী পামত দেওবাৰে শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ৫ হেজাৰৰো অধিক আই-মাতৃ, ভকত- বৈষ্ণৱসকল একত্ৰিত হৈ অধিবেশনৰ বাবে খেৰ কটা পৰ্বত অংশগ্ৰহন কৰে ৷ হৰিনামেৰে মুখৰিত হৈ বৈকুণ্ঠপুৰীত পৰিনত হোৱা এই অনুষ্ঠানৰ জৰিয়তে আই- মাতৃ, ভকত- বৈঞ্চৱসকলে আগন্তুক ২০২৬ বৰ্ষৰ ফেব্ৰুৱাৰী মাহত জামুগুৰিহাটৰ ধলাইবিলত অনুষ্ঠিত হ’ব লগা শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ৯৫ সংখ্যক অধিবেশনখনি সৰ্ব্বাতোপ্ৰকাৰে সাফল্যমণ্ডিত কৰাৰ উদ্দেশ্যেৰে এনেদৰে একত্ৰিত হোৱা পৰিলক্ষিত হয় ৷ 

Advertisment

উল্লেখযোগ্য যে এসময়ত সন্দেহযুক্ত নাগৰিকৰ দপদপনি থকা এই চৰ- চাপৰি অঞ্চলত বিধায়ক পদ্ম হাজৰিকাৰ বিশেষ তৎপৰতাত তথা ৰাইজৰ সহযোগত এই বৃহৎ ভূমিখণ্ড উদ্ধাৰ কৰি এই অনুষ্ঠানৰ বাবে উপযোগী কৰি তোলাৰ বাবে বিধায়কগৰাকীক ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰে শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ বিষয়ববীয়াসকলে ৷ আনফালে ভৰলীপৰীয়া কন্যকা বহুমুখী পামৰ তৰফৰ পৰা জানিবলৈ দিয়ে যে আগন্তুক শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ অধিবেশনত খাদ্যৰ বাবে প্ৰয়োজনীয় সকলো শাক -পাচলি তথা শস্য সামগ্ৰী কন্যকা বহুমুখী পামত জৈৱিকভাৱে উৎপাদন কৰি যোগান ধৰা হ’ব ৷

জামুগুৰিহাট