ডিজিটেল ডেস্কঃ সাহিত্য সভাৰ সপ্তসপ্ততিতম পূৰ্ণাংগ দ্বিবাৰ্ষিক অধিৱেশনক লৈ ব্যাপক প্ৰস্তুতি বজালীত । অনুষ্ঠানটোক সাফল্যমণ্ডিত কৰিবৰ বাবে উঠি-পৰি লাগিছে সাহিত্য সভাৰ আয়োজক সমিতি । এইক্ষেত্ৰত সম্পূৰ্ণ সহযোগ কৰিছে বজালীবাসীয়ে ।
পাঠশালাত ৩১ জানুৱাৰীৰ পৰা ৫ দিনীয়াকৈ অনুষ্ঠিত হ’ব অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম পূৰ্ণাংগ দ্বিবাৰ্ষিক অধিৱেশন । বজালী জিলাৰ পাঠশালা নগৰৰ অসমীয়া গদ্য সাহিত্যৰ জনক ভট্টদেৱৰ স্মৃতি বিজড়িত ‘ভট্টদেৱ ক্ষেত্ৰ’ত বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হ‘ব সাহিত্য সভাৰ সপ্তসপ্ততিতম অধিৱেশন ।
প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি ৩১ জানুৱাৰী পুৱা ৮.৩০ বজাত নামঘৰৰ দ্বাৰ মুকলি কৰি অনুষ্ঠানৰ আৰম্ভণি কৰা হ’ব । সমান্তৰালভাৱে ৯.৩০ বজাত ভট্টদেৱ ক্ষেত্ৰ আৰু মূল তোৰণ উদঘাটন কৰা হ’ব । ক্ৰমান্বয়ে ১১ বজাত সাহিত্য আলোচনা, ১১.৩০ বজাত মে-ডাম-মে-ফি উদযাপনৰ লগতে বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰা হ’ব ।
সমান্তৰালভাৱে ১,২,৩ আৰু ৪ ফেব্ৰুৱাৰীত বিভিন্ন কাৰ্যসূচীৰ মাধ্যমেৰে অনুষ্ঠিত হ‘ব সাহিত্য সভাৰ সপ্তসপ্ততিতম পূৰ্ণাংগ দ্বিবাৰ্ষিক অধিৱেশন । অধিৱেশনৰ প্ৰত্যেকটো কাৰ্যসূচীত অসমবাসী ৰাইজৰ সহযোগ কামনা কৰিছে আয়োজক সমিতিয়ে ।