ঐতিহ্যমণ্ডিত হেজাৰী ভাওনা মহোৎসৱৰ প্ৰস্তুতিৰ বুজ ল'লে বিধায়ক ৰূপক শৰ্মাই

আগন্তুক ১৩,১৪,১৫ আৰু ১৬ মাৰ্চত কৰৈয়নী বৰডোঙা পথাৰৰ অক্ষয় বন্তি প্ৰজ্বলিত সাৰ্বজনীন হেজাৰী ভাওনা মন্দিৰত অনুষ্ঠিত হ'বলগীয়া ভাওনা মহোৎসৱৰ প্ৰস্তুতিৰ বুজ লোৱা উদ্দেশ্যে শনিবাৰে উপস্থিত হয় জিলাখনৰ বিধায়ক ৰূপক শৰ্মা।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
ুুপপু

ডিজিটেল সংবাদ,নগাঁওঃ  ভাওনা প্ৰদৰ্শনৰ মূল উদ্দেশ্য আগত ৰাখি কৰৈয়নীস্থিত কলংপৰীয়া বাৰগঞা সমাজ আৰু বাৰগঞা মহিলা সমিতিৰ যৌথ ব্যৱস্থাপনাত এইবেলিও অনুষ্ঠিত হ'ব দ্বাদশ সংখ্যক হেজাৰী ভাওনা মহোৎসৱ। সেই উদ্দেশ্যে আয়োজনস্থলীত ক্ষীপ্ৰ গতিত প্ৰস্তুতি চলা পৰিলক্ষিত হৈছে।

Advertisment

ুপৰ

আগন্তুক ১৩,১৪,১৫ আৰু ১৬ মাৰ্চত কৰৈয়নী বৰডোঙা পথাৰৰ অক্ষয় বন্তি প্ৰজ্বলিত সাৰ্বজনীন হেজাৰী ভাওনা মন্দিৰত অনুষ্ঠিত হ'বলগীয়া ভাওনা মহোৎসৱৰ প্ৰস্তুতিৰ বুজ লোৱা উদ্দেশ্যে শনিবাৰে উপস্থিত হয় জিলাখনৰ বিধায়ক ৰূপক শৰ্মা।

উদযাপন সমিতিৰ সভাপতি হিচাপে বিধায়ক শৰ্মাই ভাওনা মহোৎসৱৰ প্ৰস্তুতি সম্পৰ্কে স্থানীয় ভকত,বৈষ্ণৱ আৰু মহিলা সকলৰ সৈতে আলোচনাত মিলিত হ‌য়। আলোচনা কালত বিশিষ্ট সাংবাদিক প্ৰকাশ মহন্ত ডাঙৰীয়াৰ প্ৰমুখ্যে উদযাপন সমিতিৰ বিভিন্ন বিষয় -ববীয়া সকল উপস্থিত থাকে।

ৰক

উল্লেখযোগ্য যে, ১৯৬৬ চনত কলংপৰীয়া বাৰগঞা সমাজ নামৰ এটি ধৰ্মীয় অনুষ্ঠান গঢ়ি তোলা হৈছিল। অংকীয়া ভাওনা প্ৰদৰ্শনৰ মূল উদ্দেশ্য আগত ৰাখি উৰিয়া গাঁৱৰ সমীপৰ বৃহত্তৰ কৰৈয়নী অঞ্চলৰ মধ্যস্থল বৰডোঙা পথাৰত পদ্মকৃতিৰ নৱদ্বাৰযুক্ত এটা মন্দিৰ নিৰ্মাণ কৰা হৈছিল।

নপক

২০০৭ চনত বৰপেটা সত্ৰৰ পৰা অক্ষয় বন্তিৰ শিখা আনি মন্দিৰত স্থাপন কৰা হৈছিল। অতি পুৰণি এই মন্দিৰভাগ আৰু নাট মণ্ডপ জহি-খহি যোৱা গৈছিল যদিও কিছুদিন পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা উক্ত স্থানত উপস্থিত হৈ মন্দিৰ উন্নয়নৰ বাবে ডেৰ কোটি টকাৰ প্ৰতিশ্ৰুতি দিয়ে। লগতে চৰকাৰী আঁচনিৰ জৰিয়তে ৫০ লাখ টকাৰ অনুদান আগবঢ়ায়।

ুপৰ

বৰ্তমান বিধায়ক ৰূপক শৰ্মাৰ বিশেষ তৎপৰতাত মন্দিৰটোৰ পুনৰ নির্মাণৰ কাম চলি আছে। আজি এই কাম-কাজৰ তদাৰকৰ উদ্দেশ্যে বিধায়ক গৰাকীৰ সৈতে উপস্থিত থাকে অসমীয়া প্ৰতিদিন কাকতৰ সহযোগী সম্পাদক প্ৰকাশ মহন্ত। মন্দিৰভাগৰ সৈতে ৮০ দশকৰ পৰাই জড়িত জ্যেষ্ঠ সাংবাদিক মহন্তই বিভিন্ন পৰামৰ্শ আগবঢ়োৱাৰ লগতে বিধায়ক ৰূপক শৰ্মাক সহায় সহযোগিতা আগবঢ়োৱাৰ বাবেও আহ্বান জনায়।

হেজাৰী ভাওনা মহোৎসৱ