Advertisment

কাকী-২ আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী উৎসৱৰ প্ৰস্তুতি

হোজাই জিলাৰ অন্তৰ্গত প্ৰসিদ্ধ অঞ্চল কাকী। কৃষি ক্ষেত্ৰত বিশেষ অৰিহণাৰে অসমৰ অৰ্থনীতিলৈ অৱদান আগবঢ়োৱা এই অঞ্চলটোৰ উল্লেখযোগ্য শিক্ষানুষ্ঠান হৈছে "আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়, কাকী-২" । 

author-image
Asomiya Pratidin
New Update
সুখবৰঃ টেট উত্তীৰ্ণ ১ লাখ প্ৰাৰ্থীক দিয়া হ’ব চাকৰি…

ডিজিটেল সংবাদ, হোজাই : হোজাই জিলাৰ অন্তৰ্গত প্ৰসিদ্ধ অঞ্চল কাকী। কৃষি ক্ষেত্ৰত বিশেষ অৰিহণাৰে অসমৰ অৰ্থনীতিলৈ অৱদান আগবঢ়োৱা এই অঞ্চলটোৰ উল্লেখযোগ্য শিক্ষানুষ্ঠান হৈছে "আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়, কাকী-২" । 

Advertisment

১৯৭৪ চনতেই স্থাপন হোৱা এই শিক্ষানুষ্ঠানখনে ২০২৪ বৰ্ষত ৫০বৰ্ষ গৰকিলে। সেই উদ্দেশ্যেই বিদ্যালয়খনৰ সোণালী জয়ন্তী সমাৰোহৰ আয়োজন কৰা হৈছে। এই সমাৰোহখন অহা ১০, ১১আৰু ১২ জানুৱাৰী ২০২৫ ত অনুষ্ঠিত কৰা হ'ব বুলি সোণালী জয়ন্তী সমাৰোহ উদযাপন সমিতিৰ সভাপতি প্ৰভাত হাজৰিকা আৰু সম্পাদক প্ৰদীপ কুমাৰ বৰাই জানিবলৈ দিয়ে । 

লগতে উদ্যোক্তাসকলে জানিবলৈ দিয়ে যে এই অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰাক্তন শিক্ষক-শিক্ষয়িত্ৰী আৰু শিক্ষাৰ্থী সন্মিলনৰো দিহা কৰা হৈছে । উক্ত অনুষ্ঠানটিত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব মন্ত্ৰী পীযুষ হাজৰিকা, সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু বিধায়ক শিবু মিশ্ৰ।

ডাঃ অঞ্জনজ্যোতি চৌধুৰীক নিৰ্দিষ্ট বক্তা হিচাপে আমন্ত্ৰণ জনোৱা অনুষ্ঠানটিত অসমৰ বিভিন্ন প্ৰান্তৰৰ অনেক গুণী-জ্ঞানী লোকে আমন্ত্ৰিত অতিথি হিচাপে যোগদান কৰিব বুলিও জানিবলৈ দিয়ে ।

hojai