Advertisment

শ্ৰীশ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰত দৌল উৎসৱৰ প্ৰস্তুতি

শ্ৰীশ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰৰ শতিকা গৰকা পৰম্পৰা অক্ষুন্ন ৰাখি এইবাৰো ফল্গুৎসৱ উদযাপনৰ ব্যাপক প্ৰস্তুতি চলিছে

author-image
Asomiya Pratidin
New Update
শ্ৰীশ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰত দৌল উৎসৱৰ প্ৰস্তুতিশ্ৰীশ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰত দৌল উৎসৱৰ প্ৰস্তুতি

ডিজিটেল সংবাদ, ঢকুৱাখনা : শ্ৰীশ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰৰ শতিকা গৰকা পৰম্পৰা অক্ষুন্ন ৰাখি এইবাৰো ফল্গুৎসৱ উদযাপনৰ ব্যাপক প্ৰস্তুতি চলিছে । উত্তৰ অসমৰ অন্যতম বৈষ্ণৱ পীঠ এই নৰোৱা সত্ৰৰ উৎসৱ উপ সমিতিৰ উদ্যোগত এইবাৰো অহা ১৩ ,১৪ আৰু ১৫ মাৰ্চত বৰ্ণিল কাৰ্যক্ৰমণিকাৰে শ্ৰীশ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ ভাগি অনুষ্ঠিত কৰাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে । 

Advertisment

উপ সমিতিৰ সম্পাদক অভিজিৎ দেৱ গোস্বামীয়ে জনোৱা মতে প্ৰাতঃ প্ৰসংগ, নাম প্ৰসংগ আৰু ভাগৱত পাঠেৰে প্ৰথম দিনাৰ মহোৎসৱৰ কাৰ্যসূচী শুভাৰম্ভ কৰা হ’ব । দিনজোৰাকৈ সত্ৰ প্ৰাঙ্গনত অনুষ্ঠিত হ’ব লগা এই কাৰ্যসূচীৰ পাছতেই বন্তি প্ৰজ্বলন কৰিব সত্ৰৰ ডেকা সত্ৰাধিকাৰ ভোগেন্দ্ৰ দেৱ গোস্বামীয়ে । 

ইয়াৰ পাছতেই সত্ৰ প্ৰাঙ্গনত অনুষ্ঠিত হ’ব " শ্ৰী শ্ৰী ভাগৱত দৰ্শন" শীৰ্ষক এক ভাওনা । দ্বিতীয় দিনা পুৱা প্ৰাতঃ প্ৰসংগ ,আইসকলৰ নাম ,  ভাগৱত পাঠ, মহাপ্ৰভুৰ ওচৰত ফাকুৱা গীত পৰিৱেশন আৰু নিশালৈ "মৎস্য অৱতাৰ" শীৰ্ষক এক ভাওনা প্ৰদৰ্শন কৰা হ’ব । 

সত্ৰৰ সত্ৰাধিকাৰ ভূপেন্দ্ৰ দেৱ গোস্বামী ,প্ৰবীণ শিক্ষাবিদ  দেৱেন্দ্ৰ দেৱ গোস্বামীকে প্ৰমুখ্য কৰি  বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে মহোৎসৱৰ দ্বিতীয় দিনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব । তৃতীয় দিনা প্ৰাতঃ প্ৰসংগ , আই নামৰ পাছতে অনুষ্ঠিত হ’ব নাম প্ৰসংগ । 

উল্লেখযোগ্য যে নৰোৱা সত্ৰ ( ভঁৰালৰ ভেঁটি)ৰ ডেকা সত্ৰাধিকাৰ জ্ঞান কুমাৰ দেৱ গোস্বামীয়ে নামাচাৰ্য হিচাবে অংশগ্ৰহণ কৰিব এই নাম প্ৰসংগ অনুষ্ঠানত । ইয়াৰ পাছতে সত্ৰৰ পাৰ্শ্বৱৰ্তী এলেকাত ঘুনুচা যাত্ৰা কৰাৰ পৰৱৰ্তী সময়ত পুনৰ নৰোৱা সত্ৰত স্থাপন কৰা হ’ব পৰম্পৰাগত ৰীতি অনুসৰি । 

তিনিদিনীয়া ধৰ্মীয় ৰীতি নিয়মেৰে অনুষ্ঠিত হ’ব লগা এই শ্ৰীশ্ৰীকৃষ্ণৰ দৌল যাত্ৰা উৎসৱৰ কেউটা দিনত কাৰ্যসূচীত ধৰ্মপ্ৰাণ- দর্শনাৰ্থী ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে শ্ৰীশ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰৰ উন্নয়ন সমিতিৰ সভাপতি ভূপেন্দ্ৰ দেৱ গোস্বামী , কাৰ্যকৰী সভাপতি ভোগেন্দ্ৰ দেৱ গোস্বামী , সম্পাদক বীৰেন্দ্ৰ দেৱ গোস্বামী আৰু উৎসৱ উপ সমিতিয়ে ।

dhakuakhana