চাউৰকীয়া গাঁৱত ব’হাগী উৎসৱৰ প্ৰস্তুতি

বৰবিহুৱতী প্ৰতিযোগিতাৰ প্ৰথম শ্ৰেষ্ঠ বিবেচিত প্ৰতিযোগীক নগদ ১০ হাজাৰ ১টকা, দ্বিতীয় শ্ৰেষ্ঠ বিবেচিত প্ৰতিযোগীক নগদ ৬হাজাৰ ১টকা, সৰুবিহুৱতী প্ৰতিযোগিতাৰ প্ৰথম শ্ৰেষ্ঠ বিবেচিত প্ৰতিযোগীক নগদ ৬ হাজাৰ ১টকা

author-image
Asomiya Pratidin
New Update
চাউৰকীয়া গাঁৱত ব’হাগী উৎসৱৰ প্ৰস্তুতি

ডিজিটেল সংবাদ, ঢকুৱাখনা : লোক সংস্কৃতিৰ বৰঘৰ ঢকুৱাখনাৰ ঐতিহ্যমণ্ডিত চাউৰকীয়া গাঁৱত ৪৯ সংখ্যক ব’হাগী উৎসৱ উদযাপনৰ ব্যাপক প্ৰস্তুতি চলিছে । অসমীয়া জাতীয় সংস্কৃতিৰ যুগজয়ী পৰম্পৰা অব্যাহত ৰাখি অহা ২৬ আৰু ২৭ এপ্ৰিলত চাউৰকীয়া গাঁৱৰ ৰাজহুৱা প্ৰেক্ষাগৃহত গাঁওবাসীৰ সহযোগত, ব’হাগী উৎসৱ সমিতি আৰু উদযাপন সমিতিৰ তৎপৰতাত দুদিনীয়াকৈ এই বৰ্ণিল উৎসৱ অনুষ্ঠিত হ’ব । 

Advertisment

ব’হাগী উৎসৱ সমিতি (স্থায়ী)ৰ সভাপতি বিনাৰাম গগৈ, সম্পাদক ধ্ৰুৱজ্যোতি গগৈ, উদযাপন সমিতিৰ সভাপতি বিপ্লৱ গগৈ আৰু সাধাৰণ সম্পাদক শান্তনু গগৈয়ে জনোৱা মতে উৎসৱৰ প্ৰথম দিনা মূল পতাকা স্থায়ী সমিতিৰ সভাপতি বিনাৰাম গগৈয়ে উত্তোলন কৰিব। ইয়াৰ পাছত গাঁওখনৰ মুঠ ৪৯ গৰাকী বয়স্ক আৰু বিশিষ্ট ব্যক্তিৰ দ্বাৰা বিহুৰ ৪৯ খন পতাকা উত্তোলন কৰি দুদিনীয়া কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হ’ব ।

ইয়াৰ পাছত অনুষ্ঠিত হ’ব ক্ৰীড়া, সাহিত্য প্ৰতিযোগিতা আৰু পৰৱৰ্তী সময়ত অনুষ্ঠিত হ’ব সৰু বিহুৱতী আৰু বৰ বিহুৱতী প্ৰতিযোগিতা । দ্বিতীয় দিনা পুৱা ভেশচন প্ৰতিযোগিতাৰ লগতে ক্রীড়া আৰু সাংস্কৃতিক প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব। 

দুপৰীয়া অনুষ্ঠিত হ’ব লগা মুকলি আৰু বঁটা বিতৰণি সভাত মুখ্য অতিথি হিচাপে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক ড০ প্ৰাঞ্জল বুঢ়াগোহাঁইৰ লগতে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকিব । উৎসৱৰ সামৰণি দিনৰ সাংস্কৃতিক সন্ধিয়াত প্ৰীতিৰাণী বুঢ়াগোহাঁই, নন্দন প্ৰতিমৰ লগতে বহু কেইগৰাকী সংগীত শিল্পীয়ে গীতৰ শৰাই আগবঢ়াব বুলি জানিবলৈ দিয়ে। এই দুয়োটা দিনতে সাংস্কৃতিক উপ সমিতিৰ যুটীয়া সম্পাদক প্ৰীতম জ্যোতি গগৈ আৰু পিংকো গগৈয়ে বিহুপ্ৰেমীৰ উপস্থিতি, অংশগ্ৰহণ আৰু সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে । 

উল্লেখযোগ্য যে উৎসৱৰ সতে সংগতি ৰাখি অনুষ্ঠিতব্য বৰবিহুৱতী প্ৰতিযোগিতাৰ প্ৰথম শ্ৰেষ্ঠ বিবেচিত প্ৰতিযোগীক নগদ ১০ হাজাৰ ১টকা, দ্বিতীয় শ্ৰেষ্ঠ বিবেচিত প্ৰতিযোগীক নগদ ৬হাজাৰ ১টকা, সৰুবিহুৱতী প্ৰতিযোগিতাৰ প্ৰথম শ্ৰেষ্ঠ বিবেচিত প্ৰতিযোগীক নগদ ৬ হাজাৰ ১টকা, আৰু দ্বিতীয় শ্ৰেষ্ঠ বিবেচিত প্ৰতিযোগীক নগদ ৪হাজাৰ ১টকাৰে পুৰস্কৃত কৰা হ’ব । আগ্ৰহী সকলে এই সন্দৰ্ভত উৎসৱ উদযাপন সমিতিৰ 9101253386, 60003 05781, 9957006365 নম্বৰত যোগাযোগ কৰিব পাৰিব ।

dhakuakhana