/asomiyapratidin/media/media_files/2025/06/13/9xQU2jUFNpycvc2Oixlf.jpg)
মুখ্যমন্ত্ৰীৰ নেতৃত্বত বৈঠক সম্পন্ন
ডিজিটেল ডেস্কঃ আগন্তুক মেগা বাগৰুম্বা আৰু বাৰদৈচিখলা নৃত্য প্ৰদৰ্শনৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত এখন গুৰুত্বপূৰ্ণ প্ৰস্তুতিমূলক সভা সম্পন্ন হয়। এই বৈঠকত মুখ্যভাৱে সমন্বয়ৰ দিশ, সামুদায়িক অংশগ্ৰহণ বৃদ্ধি আৰু বিটিআৰৰ সমৃদ্ধ চহকী সাংস্কৃতিক পৰিচয়ক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় মঞ্চত সুদৃঢ় ৰূপত প্ৰতিস্থাপন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।
/asomiyapratidin/media/media_files/2025/06/13/6WBRB2BEazwMqK5gLGR7.jpeg)
বৈঠকত মন্ত্ৰী শ্ৰী বিমল বৰা, প্ৰমোদ বড়ো, জ্যেষ্ঠ বিষয়াসকলৰ লগতে, এবছু, বড়ো সাহিত্য সভা, দুলাৰাই বড়ো হাৰিমু আফাদ আৰু দুলাৰাই বাথৌ গৌথুমে অংশ গ্ৰহণ কৰে। এই অনুষ্ঠানসমূহৰ জৰিয়তে বিটিআৰ অঞ্চলৰ ঐতিহ্য, লোকনৃত্য আৰু সামুদায়িক ঐক্যৰ এক সুন্দৰ প্ৰতিফলন ঘটাব বুলি আশা প্ৰকাশ কৰা হয়।