Advertisment

গণৰাজ্য দিৱসক লৈ ব্যাপক প্ৰস্তুতি ধুবুৰী আৰক্ষীৰ…

গণৰাজ্য দিৱসৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত-বাংলাদেশ সীমান্ত অঞ্চলত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে বুলি তেঁও প্ৰকাশ কৰে । সমান্তৰালভাৱে জিলা খনৰ ৰাজপথৰ লগতে নদীপথতো যথেষ্ট চোকা দৃষ্টি ৰাখিছে বুলি মন্তব্য কৰে ধুবুৰীৰ আৰক্ষী অধীক্ষক নবীন সিঙে। 

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,ধুবুৰীঃ  সমাগত গণৰাজ্য দিৱস । ২৬ জানুৱাৰী, দেওবাৰে সমগ্ৰ দেশে উদযাপন কৰিব গণৰাজ্য দিৱস । সমান্তৰালভাৱে গণৰাজ্য দিৱস উদযাপনৰ বাবে ধুবুৰীতো প্ৰস্তুতি তুংগত উঠিছে। 

Advertisment

আৰক্ষী বাহিনীসহ বিভিন্ন বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে পেৰেডত অংশগ্ৰহণৰ উদ্দেশ্যে অনুশীলন অব্যাহত ৰাখিছে । ইয়াৰ লগতে জিলাখনৰ প্ৰতিখন আৰক্ষী থানাই কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে । জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ উচ্চ পদস্থ বিষয়া সকলে ধুবুৰীৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া গণৰাজ্য দিৱস সুকলমে উদযাপন কৰিবলৈ অহৰহ যাৱতীয় কাম-কাজৰ নিৰীক্ষণ কৰাৰ লগতে চকু ৰাখিছে নিৰাপত্তা সম্বন্ধীয় দিশসমূহত ।

ইপিনে শুকুৰবাৰে পুৱা ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষক নবীন সিং ধুবুৰীৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত উপস্থিত হৈ পেৰেড অনুশীলনৰ বুজ লয়। ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষকগৰাকীয়ে সাংবাদিকৰ আগত কয় যে এইবাৰ ধুবুৰীত অনুষ্ঠিত হ'বলগীয়া গণৰাজ্য দিৱসৰ অনুষ্ঠানত ১৪ টা প্লেটুনে অংশগ্ৰহণ কৰিব ।

লগতে গণৰাজ্য দিৱসৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত-বাংলাদেশ সীমান্ত অঞ্চলত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে বুলি তেঁও প্ৰকাশ কৰে । সমান্তৰালভাৱে জিলা খনৰ ৰাজপথৰ লগতে নদীপথতো যথেষ্ট চোকা দৃষ্টি ৰাখিছে বুলি মন্তব্য কৰে ধুবুৰীৰ আৰক্ষী অধীক্ষক নবীন সিঙে। 

গণতন্ত্ৰ দিৱস