/asomiyapratidin/media/media_files/2025/01/28/CB7npVY3uQGAA2Tkqt20.jpg)
ডিজিটেল সংবাদ,জামুগুৰিহাটঃ ১৫৩২ চনত ডিকৰাইমূখৰ ৰণত তুৰ্ব্বকৰ লগত যুঁজি প্ৰাণ হেৰুওৱা বিৰাংগনা মূলা গাভৰুৰ সমাধি ক্ষেত্ৰ অৱস্থিত চতিয়াৰ চলাহোলাত ৷ উক্ত সমাধি ক্ষেত্ৰতেই অহা ৩১ জানুৱাৰীত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হ’ব আহোম সকলৰ পবিত্ৰ মে-ডাম মে-ফি ।
মে-ডাম মে-ফি উদযাপনক লৈ এতিয়া চতিয়াৰ চলাহোলাৰ মুলা গাভৰু সমাধি ক্ষেত্ৰত চলিছে ব্যাপক প্ৰস্তুতি । মে-ডাম মে-ফি উৎসৱৰ বাবে সকলো আয়োজন ইতিমধ্যে প্ৰায় সম্পূৰ্ণ কৰি তুলি উক্ত দিনাৰ সমূহ কাৰ্য্যসূচীত সকলো শ্ৰেণীৰ ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে আয়োজক কমিটিয়ে ৷