লাংহিনৰ বগাদল গণেশ মন্দিৰত শ্ৰী শ্ৰী গনেশ পূজাৰ আয়োজন…

বিগত বৰ্ষসমূহৰ দৰে এইবাৰো ১ ফেব্ৰুৱাৰীৰ পৰা ৫ ফেব্ৰুৱাৰীলৈ লাংহিন নগৰৰ নিকটৱৰ্তী বগাদল গণেশ মন্দিৰত শ্ৰী শ্ৰী গণেশ পূজাৰ ব্যাপক আ‌য়োজন কৰিছে।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,হাওৰাঘাটঃ বিগত বৰ্ষসমূহৰ দৰে এইবাৰো ১ ফেব্ৰুৱাৰীৰ পৰা ৫ ফেব্ৰুৱাৰীলৈ লাংহিন নগৰৰ নিকটৱৰ্তী বগাদল গণেশ মন্দিৰত শ্ৰী শ্ৰী গণেশ পূজাৰ ব্যাপক আ‌য়োজন কৰিছে। ১৯৩০ চনত প্ৰতিষ্ঠা কৰা এই গণেশ মন্দিৰত বগাদল শ্ৰী শ্ৰী গণেশ পূজা কমিটিয়ে গণেশ পূজাৰ লগত সংগতি ৰাখি বৃহৎ মেলাৰো আয়োজন কৰি আহিছে । 

এইবৰ্ষতো গণেশ পূজাৰ লগতে বৃহৎ মেলাৰ ব্যৱস্থা কৰিছে আয়োজক সমিতিয়ে। বগাদল শ্ৰী শ্ৰী গণেশ মন্দিৰত প্ৰতি বছৰে শ শ ভক্তৰ সমাগম হয় গণেশ পূজা উপলক্ষে । এই মন্দিৰত পূজা-অৰ্চনা কৰিলে ভক্তৰ মনোবাঞ্চা পূৰণ হয় বুলি এক জনবিশ্বাস আছে অঞ্চলটোৰ ৰাইজৰ মাজত । 

হাওৰাঘাট গণেশ পূজা