Advertisment

শ্ৰীশ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰত বাৰ্ষিক পালনামৰ প্ৰস্তুতি

উত্তৰ অসমৰ অন্যতম বৈষ্ণৱপীঠ ঢকুৱাখনাৰ শ্ৰীশ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰ । শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ এই অতুল্য সৃষ্টি পালনামৰ নিৰন্তৰ অনুষ্ঠিতকৰণেৰে ধৰ্মপ্ৰাণ ৰাইজৰ মাজত গুৰুজনাৰ মাৰ্গ দৰ্শনৰ ব্যাপক চৰ্চা চলাই আহিছে সত্ৰ পৰিয়ালে। 

author-image
Asomiya Pratidin
New Update
শ্ৰীশ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰত বাৰ্ষিক পালনামৰ প্ৰস্তুতি

শ্ৰীশ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰত বাৰ্ষিক পালনামৰ প্ৰস্তুতি

ডিজিটেল সংবাদ, ঢকুৱাখনা : উত্তৰ অসমৰ অন্যতম বৈষ্ণৱপীঠ ঢকুৱাখনাৰ শ্ৰীশ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰ । শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ এই অতুল্য সৃষ্টি পালনামৰ নিৰন্তৰ অনুষ্ঠিতকৰণেৰে ধৰ্মপ্ৰাণ ৰাইজৰ মাজত গুৰুজনাৰ মাৰ্গ দৰ্শনৰ ব্যাপক চৰ্চা চলাই আহিছে সত্ৰ পৰিয়ালে। 

Advertisment

বিগত বৰ্ষবোৰৰ দৰে এই পালনাম মহোৎসৱভাগি পৰম্পৰা অক্ষুন্ন ৰাখি এইবাৰো মহা আয়োজনেৰে অনুষ্ঠিত কৰাৰ ব্যাপক প্ৰস্তুতি চলিছে শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰত। অহা ১১, ১২ আৰু ১৩ ফেব্ৰুৱাৰীত তিনিদিনীয়া কাৰ্যসূচীৰে সত্ৰৰ বৰ ভাল নামঘৰ প্ৰাঙ্গনত অনুষ্ঠিত হ’ব এই পালনাম মহোৎসৱ। 

শ্ৰীশ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰৰ উৎসৱ উপ সমিতিৰ সম্পাদক অভিজিৎ দেৱ গোস্বামীয়ে জনোৱা মতে ১১ ফেব্ৰুৱাৰীৰ বিয়লি ৫ বজাত সত্ৰৰ ডেকা সত্ৰাধিকাৰ ভোগেন্দ্ৰ দেৱ গোস্বামীয়ে বন্তি প্ৰজ্বলন কৰি তিনিদিনীয়া মহোৎসৱৰ উদ্বোধন কৰিব। ইয়াৰ পাছতে সন্ধিয়া ৬ বজাত  সত্ৰৰ সত্ৰাধিকাৰ ভূপেন্দ্ৰ দেৱ গোস্বামীয়ে মহা পালনামৰ শুভাৰম্ভ কৰিব। 

শ্ৰীশ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰত বাৰ্ষিক পালনামৰ প্ৰস্তুতি
শ্ৰীশ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰত বাৰ্ষিক পালনামৰ প্ৰস্তুতি

 

শিৱসাগৰ কোৱামৰা সত্ৰৰ সত্ৰাধিকাৰ নামাচাৰ্য নিৰঞ্জন গোস্বামীয়ে সমূহীয়া নাম প্ৰসংগ আৰু পালনামৰ আৰম্ভ কৰিব। পালনাম ভাগিত দোহাচাৰ্য হিচাপে নগাঁৱৰ চামগুৰি সত্ৰৰ ডেকা সত্ৰীয়া কমল গোস্বামী , পাঠাচাৰ্য হিচাপে নগাঁও আই ভেঁটিৰ শলগুৰি সত্ৰৰ বুবুল মহন্ত , শিৱসাগৰ শলগুৰি সত্ৰৰ ডেকা সত্ৰাধিকাৰ শচিন্দ্র দেৱ গোস্বামী , মাজুলীৰ প্ৰাচীন চামগুৰি সত্ৰৰ ডেকা সত্ৰীয়া ভৰত মহন্তই অংশগ্ৰহণ কৰিব। 

দ্বিতীয় দিনা আইনাম, সমূহীয়া নাম প্ৰসংগ, ভাগৱত পাঠ, ঘোষা পাঠ, সান্ধ্য প্ৰসংগ, অবিৰত নাম প্ৰসংগ চলিব । তৃতীয় দিনা আই নাম ,সমূহীয়া নাম প্ৰসংগৰ পাছত পাল নামৰ সামৰণি পৰিব । উৎসৱ উপ সমিতিৰ সম্পাদক অভিজিৎ দেৱ গোস্বামীয়ে ধৰ্মপ্ৰাণ বৈষ্ণৱ আই বাপ সমস্তৰ সহযোগিতা আৰু অংশগ্ৰহণ আন্তৰিকতাৰে কামনা কৰিছে ।

dhakuakhana