পুৰণিগুদাম ৰাধাকান্ত বৰুৱা উচ্চতৰ মাঃ বিদ্যালয়ৰ ৯৫সংখ্যক জয়ন্তী...

১৯৩০ চনত প্ৰতিষ্ঠা হোৱা নগাঁৱৰ পুৰণিগুদামৰ অগ্ৰণী শিক্ষানুষ্ঠান ৰাধাকান্ত বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৯৫ সংখ্যক জয়ন্তী আৰু শতবৰ্ষৰ প্ৰস্তুতি তুংগত । অনুষ্ঠান সুকলমে আয়োজন কৰিবলৈ উঠিপৰি লাগিছে উদ্যোক্তাসকল।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,নগাঁওঃ ১৯৩০চনত প্ৰতিষ্ঠা হোৱা নগাঁৱৰ পুৰণিগুদামৰ অগ্ৰণী শিক্ষানুষ্ঠান ৰাধাকান্ত বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৯৫ সংখ্যক জয়ন্তী আৰু শতবৰ্ষৰ প্ৰস্তুতি তুংগত । অনুষ্ঠান সুকলমে আয়োজন কৰিবলৈ উঠিপৰি লাগিছে উদ্যোক্তাসকল।

আগন্তুক ১১ আৰু ১২ জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া শতবৰ্ষৰ শুভাৰম্ভণি অনুষ্ঠানৰ বাবে সজাই পৰাই তোলা হৈছে পুৰণিগুদামৰ ঐতিহ্যবহনকাৰী ৰাধাকান্ত বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়খন।

উক্ত অনুষ্ঠানত অসম তথা দেশৰ বিভিন্ন প্ৰান্তত থকা প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলৰ উপস্থিতি কামনা কৰিছে বিদ্যালয় কৰ্তৃপক্ষই।

নগাওঁ