ফুলগুৰি ধেৱাৰ বীৰ বাহু কৈৱৰ্তৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ যো-জা...

author-image
Asomiya Pratidin
New Update
ফুলগুৰি ধেৱাৰ বীৰ বাহু কৈৱৰ্তৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ যো-জা...

ডিজিটেল সংবাদ, বেবেজীয়া : ব্ৰহ্মপুত্ৰৰ উপত্যকাৰ প্ৰথম কৃষক বিদ্ৰোহ ফুলগুৰি ধেৱাৰ বীৰ তথা ফুলগুৰি ধেৱা ইতিহাসৰ মহান নায়ক বাহু কৈৱৰ্তৰ প্ৰতিমূৰ্তি নগাওঁ জিলাৰ ৰহা সমষ্টিৰ অন্তৰ্গত পূব শালমৰা প্ৰাথমিক বিদ্যালয় প্ৰাংগণত স্থাপন কৰা হ’ব। এই উদ্দেশ্যে অহা ১৮ অক্টোবৰত আধাৰশিলা স্থাপন কৰিবলৈ যো-জা চলাইছে স্থানীয় অনুসূচিত জাতি মানচিত্ৰই।

ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসৰ বিধায়ক পুঁজিৰ পৰা আগবঢ়োৱা পাঁচ লাখ টকাৰ অনুদানেৰে এই প্ৰতিমূৰ্তি নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰা হ'ব। অনুসূচিত জাতি মানচিত্ৰই ইতিহাস প্রিয় নাগৰিকক আধাৰশিলা অনুষ্ঠানত অংশগ্ৰহণ কৰি উৎসাহিত কৰিবলৈ আমন্ত্রণ জনাইছে। লগতে সমিতিয়ে ৰহাৰ বিধায়ক শশীকান্ত দাসকো কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছে।

assam Bebejia