ঢকুৱাখনা মহাবিদ্যালয়ৰ হীৰক জয়ন্তীৰ শুভাৰম্ভণি অনুষ্ঠানৰ প্ৰস্তুতি

ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত উৎকৃষ্ট মানৱ সম্পদ সৃষ্টিকাৰী উচ্চ শিক্ষাৰ অন্যতম সমুজ্জল প্ৰাণকেন্দ্ৰ  হিচাপে পৰিগণিত হোৱা ঢকুৱাখনা স্বায়ত্ব শাসিত মহাবিদ্যালয়ৰ ৫৯ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু হীৰক জয়ন্তী মহোৎসৱ

author-image
Asomiya Pratidin
New Update
web1

ডিজিটেল সংবাদ, ঢকুৱাখনা : উত্তৰ অসমৰ এক নামজ্বলা স্বতন্ত্ৰ উচ্চ শিক্ষানুষ্ঠান ঢকুৱাখনা স্বায়ত্ব শাসিত মহাবিদ্যালয় । ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত উৎকৃষ্ট মানৱ সম্পদ সৃষ্টিকাৰী উচ্চ শিক্ষাৰ অন্যতম সমুজ্জল প্ৰাণকেন্দ্ৰ  হিচাপে পৰিগণিত হোৱা ঢকুৱাখনা স্বায়ত্ব শাসিত মহাবিদ্যালয়ৰ ৫৯ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু হীৰক জয়ন্তী মহোৎসৱৰ শুভাৰম্ভণি পৰ্ব অনুষ্ঠিত কৰাৰ ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে ।

Advertisment

অহা ২৫ জুলাইত দিন জোৰাকৈ অনুষ্ঠিত হ'ব মহাবিদ্যালয়খনৰ ৫৯ সংখ্যক  প্ৰতিষ্ঠা দিৱসৰ লগতে হীৰক জয়ন্তীৰ শুভাৰম্ভনি অনুষ্ঠান । ঢকুৱাখনাৰ শিক্ষাসদীৰ নিৰন্তৰ শ্ৰম আৰু ত্যাগৰ  স্বৰ্ণ উজ্জ্বল স্বাক্ষৰ হিচাুপে ১৯৬৬ চনত প্ৰাণ প্ৰতিষ্ঠা হোৱা মহাবিদ্যালয়খনৰ  বিদ্যায়তনিক সফল যাত্ৰাৰ সশ্ৰদ্ধ স্মৰণ আৰু তিনি কুৰি বছৰ জোৰা বৰ্ণিল শৈক্ষিক পৰিক্ৰমাক ৰোমন্থন কৰাৰ পৰিকল্পনাৰে অনুষ্ঠিতব্য এই প্ৰতিষ্ঠা দিৱস আৰু শুভাৰম্ভনি অনুষ্ঠানত মুখ্য অতিথি হিচাপে মন্ত্ৰী ডাঃ ৰনোজ পেগু উপস্থিত থাকিব বুলি জনাইছে।

একেদৰে প্ৰতিষ্ঠা দিৱসৰ মূল বক্তা হিচাপে ধেমাজি মহাবিদ্যালয় অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ বুদ্ধিন্দ্ৰ নাথ বৰুৱা , বিধায়ক নৱ দলেসহ বহু কেইগৰাকী বিশিষ্ট শিক্ষাব্ৰতী উপস্থিত থাকিব । মহাবিদ্যালয় পৰিয়ালে বর্ষজুৰি অনুষ্ঠিত কৰিব লগা জয়ন্তী মহোৎসৱৰ এই শুভাৰম্ভনি অনুষ্ঠানৰ সতে সংগতি ৰাখি এক বৰ্ণময় অনুষ্ঠানৰ আয়োজন কৰিছে মহাবিদ্যালয় পৰিয়ালে ।

উল্লেখযোগ্য যে প্ৰায় ২ সহস্ৰাধিক শিক্ষাৰ্থীৰে এখন পূৰ্ণাংগ স্বায়ত্ব শাসিত মহাবিদ্যালয়ৰ গৰিমা অর্জন কৰিবলৈ সক্ষম হোৱা ঢকুৱাখনা মহাবিদ্যালয় এতিয়া আন্তঃগাঁঠনিৰ সমস্যাত জৰ্জৰিত । চলিত শিক্ষা বর্ষত  অসমীয়া, ৰাজনীতি বিজ্ঞান, অংক শাস্ত্ৰ বিষয়ত স্নাতকোত্তৰ শিক্ষাৰ পাঠ্যক্ৰম মুকলি , সংযুক্ত বি এড (ইন্ত্রিগেটেড বি এড) পাঠ্যক্ৰম মুকলি কৰি ৰাজ্যৰ বাহিৰৰ শিক্ষাৰ্থীৰ আগমন ঘটা এই পাঠদানৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ সময়তে  মহাবিদ্যালয়খনত দেখা দিয়া প্ৰধান সমস্যা হৈছে পৰ্য্যাপ্ত শ্ৰেণী গৃহৰ সমস্যা ।

মহাবিদ্যালয়খনৰ বিদ্যায়তনিক গুণগত উত্তৰণৰ বাবেই কলা শাখাতো ৰাষ্ট্ৰীয় স্তৰত জিলিকিবলৈ সক্ষম হোৱাৰ পাছত দেখা দিয়া এই জটিল ,অতি প্ৰয়োজনীয় সমস্যা সমাধানৰ প্ৰতি শিক্ষা মন্ত্ৰী তথা ভৈয়াম জনজাতি উন্নয়ন মন্ত্ৰী ডাঃ ৰনোজ পেগুৰ শুভ দৃষ্টি মহাবিদ্যালয় পৰিয়ালৰ লগতে ঢকুৱাখনাবাসীৰ কাম্য । ঢকুৱাখনাবাসীৰ প্ৰত্যাশা আগত শুভ উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী গৰাকীয়ে এনে এক আশাব্যঞ্জক সঁহাৰিৰে বৰ্ণিল ইতিহাস সমৃদ্ধ শিক্ষানুষ্ঠানখনক নব্য মাত্ৰা দিবলৈ সক্ষম হ'ব । 

মহাবিদ্যালয়খনৰ এই অনুষ্ঠানকলৈ উৎসাহী মহাবিদ্যালয় পৰিয়াল আৰু  অধ্যক্ষ ডঃ যোগানন্দ সূতে উক্ত প্ৰতিষ্ঠা দিৱস আৰু উদ্বোধনী অনুষ্ঠানত ঢকুৱাখনাবাসী ৰাইজ ,সংগঠন , প্ৰাক্তন ছাত্ৰ ছাত্ৰী, প্ৰাক্তন শিক্ষক কৰ্মচাৰীৰ লগতে শুভাকাংক্ষী ৰাইজৰ উপস্থিতি আৰু সহযোগিতা কামনা কৰিছে ।

dhakuakhana