বদ্ৰীনাথত অসম সত্ৰ মহাসভাৰ উদ্যোগত গুৰু আসন প্ৰতিষ্ঠাৰ প্ৰস্তুতি

অসম সত্ৰ মহাসভাৰ সম্পাদক প্ৰধান কুসুম কুমাৰ মহন্তৰ নেতৃত্বত অহা ১ জুনত ১৪ জনীয়া সদস্যৰ দল বদ্ৰীনাথ (বদৰীকা আশ্ৰম) তীৰ্থস্থানলৈ যাত্ৰা আৰম্ভ কৰিব। অসম সত্ৰ মহাসভাৰ উত্তৰ পশ্চিম মণ্ডলৰ সাংস্কৃতিক সম্পাদক যুগান্ত বায়নে জনোৱা মতে

author-image
Asomiya Pratidin
New Update
বদ্ৰীনাথত অসম সত্ৰ মহাসভাৰ উদ্যোগত গুৰু আসন প্ৰতিষ্ঠাৰ প্ৰস্তুতি

ডিজিটেল সংবাদ, গুৱাহাটী : অসম সত্ৰ মহাসভাৰ সম্পাদক প্ৰধান কুসুম কুমাৰ মহন্তৰ নেতৃত্বত অহা ১ জুনত ১৪ জনীয়া সদস্যৰ দল বদ্ৰীনাথ (বদৰীকা আশ্ৰম) তীৰ্থস্থানলৈ যাত্ৰা আৰম্ভ কৰিব। অসম সত্ৰ মহাসভাৰ উত্তৰ পশ্চিম মণ্ডলৰ সাংস্কৃতিক সম্পাদক যুগান্ত বায়নে জনোৱা মতে, অসম সত্ৰ মহাসভাৰ উদ্যোগত বদ্ৰীনাথত গুৰু আসন প্ৰতিষ্ঠা কৰাৰ লগতে সাতদিন সাতৰাতি অবিৰত শ্ৰীমদ্ভাগৱত পাঠ কৰা হ’ব। 

Advertisment

ইয়াৰ লগতে গুৰুজনাৰ অপূৰ্ব সৃষ্টি ( গীত ,বাদ্য,নৃত্য আৰু মুখা)সমূহৰ প্ৰদৰ্শন কৰা হ’ব। লগতে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ হিন্দী আৰু ইংৰাজী ভাষাত ৰচনা কৰা জীৱনী গ্ৰন্থ এহেজাৰ বিতৰণ কৰা হ’ব। 

তীৰ্থযাত্ৰা দলত আছে সম্পাদক প্ৰধানৰ লগতে ধৰ্মেশ্বৰ গোস্বামী, সত্ৰাধিকাৰ, শ্ৰীশ্ৰী চামগুৰি সত্ৰ, গোপাল মহন্ত , সত্ৰাধিকাৰ, শ্ৰীশ্ৰী নতুন কোৱামৰা সত্ৰ, থানেশ্বৰ দাস, সত্ৰাধিকাৰ, শ্ৰীশ্ৰী আউনীহাটী সত্ৰ,বনজিত ৰাভা, সত্ৰাধিকাৰ , শ্ৰীশ্ৰী বিষ্ণু সত্ৰ,লোহাৰ ঘাট, অনন্ত মহন্ত‌‌‌, টঙ্কেশ্বৰ মহন্ত‌‌‌, সত্যেন্দ্ৰনাথ তালুকদাৰ, টিকেন্দ্ৰজিত গোস্বামী, মুকেশ দত্ত গোস্বামী, ৰূপজ্যোতি ভকত, মনমোহন কলিতা,ডিম্বেশ্বৰ নাথ, হৰিপ্ৰসাদ দাস, বনমালি মহন্ত ।

সত্ৰ