/asomiyapratidin/media/media_files/2025/04/20/UNpSuEvMQjfSDITlZY3Q.jpg)
৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি
ডিজিটেল সংবাদ, জামুগুৰিহাট: অহা বৰ্ষৰ ফেব্ৰুৱাৰী মাহত শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ধলাইবিলত অনুষ্ঠিত হব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন ৷ এই উদ্দেশ্যৰে দেওবাৰে জামুগুৰিহাটস্থিত বাৰেচহৰীয়া সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হয় এক বিশাল ৰাজহুৱা সভা ৷
সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত এক ৰাজহুৱা সভাত প্ৰভাকৰ বৰ্মনক সভাপতি, বিধায়ক পদ্ম হাজৰিকাক কাৰ্যকৰী সভাপতি, বিপুল বৰাক প্ৰধান সম্পাদক, মৌচুমী কাকতী আৰু ড°মানস প্ৰতীম বৰাক যুটীয়া সম্পাদক হিচাপে লৈ এখনি শক্তিশালী আদৰণি সমিতি গঠন কৰা হয় ৷ এই সভাতে অধিৱেশনৰ সফল ৰূপায়নৰ বাবে ৩৫ খনকৈ উপ-সমিতিও গঠন কৰা হয় ৷ সভাখনিত অধিৱেশনৰ প্ৰস্তুতি, কাৰ্য্যকৰণ আৰু ইয়াৰ সফল ৰূপায়ন সন্দৰ্ভত বিষদ বক্তব্য আগবঢ়ায় পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকা, ৰাজ্যিক প্ৰধান সম্পাদক কুশল ঠাকুৰীয়া আৰু নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷ আদৰণি সমিতি গঠনৰ সভাখনিত সংঘৰ ওদালগুৰি, কলিয়াবৰ, বিশ্বনাথ আৰু তেজপুৰ জিলাৰ সহস্ৰাধিক প্ৰতিনিধিৰ লগতে বিভিন্ন অৰাজনৈতিক অনুষ্ঠান প্ৰতিষ্ঠান দল সংগঠনৰ সদস্য সকলে অংশগ্ৰহণ কৰে ৷