‘সদৌ অসম খণ্ড সমল ব্যক্তি ফ'ৰাম‘ৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰ আয়োজন...

১১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া আলোচনা চক্ৰখনত ৰাজ্যখনৰ লগতে আন ৰাজ্যৰো কেইবাগৰাকী বিশিষ্ট শিক্ষাবিদ তথা গৱেষক অধ্যাপকে অংশগ্ৰহণ কৰিব । 

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,ঢকুৱাখনাঃ ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ আধাৰত সমগ্ৰ শিক্ষা অসমৰ দ্বাৰা বিভিন্ন শিক্ষাখণ্ডত নিযুক্তপ্ৰাপ্ত খণ্ড সমল ব্যক্তি সকলৰ  উমৈহতীয়া শৈক্ষিক সংগঠন হ’ল "সদৌ অসম খণ্ড সমল ব্যক্তি ফ'ৰাম" ।

Advertisment

এই ফ'ৰামৰ উদ্যোগত গুৱাহাটীৰ দিছপুৰ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত ৰাষ্ট্ৰীয় পৰ্যায়ৰ এক আলোচনা চক্ৰৰ আয়োজন কৰা হৈছে ।  ১১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া আলোচনা চক্ৰখনত ৰাজ্যখনৰ লগতে আন ৰাজ্যৰো কেইবাগৰাকী বিশিষ্ট শিক্ষাবিদ তথা গৱেষক অধ্যাপকে অংশগ্ৰহণ কৰিব । 

সদৌ অসম খণ্ড সমল ব্যক্তি ফ'ৰামৰ সভাপতি মুকুল সুতে পতাকা উত্তোলন কৰিবলগীয়া অনুষ্ঠানত  "ভাৰতবৰ্ষক বিশ্বগুৰু ৰূপে প্ৰতিষ্ঠা কৰাত বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাৰ ভূমিকা" শীৰ্ষক আলোচনা চক্ৰখনত বিশিষ্ট শিক্ষাবিদ ড০ অজিত চৌধুৰী,  অৰুণাচল প্ৰদেশৰ ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ অধ্যাপক নিপন শইকীয়া, এন. চি. আৰ. টিৰ. উত্তৰ পূৰ্বাঞ্চলৰ মুখ্য কাৰ্যালয়ৰ সহকাৰী অধ্যাপক ড,. সৰজুৱালা দেৱী আৰু স্কুৱাদ ফাউণ্ডেশ্যনৰ ৰাজ্য প্ৰমুখ ইন্দ্ৰ নাথ চেটাৰ্জিয়ে অভিজ্ঞ সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰিব । 

তাৰোপৰি, মাধ্যমিক শিক্ষা সঞ্চালকৰ উপ সঞ্চালক দীপিকা চৌধুৰী আৰু সমগ্ৰ শিক্ষা অসমৰ ৰাজ্যিক আঁচনি বিষয়া ৰেৱতী মোহন কাকতিও আমন্ত্ৰিত ব্যক্তি হিচাপে উপস্থিত থাকিব । অসমৰ  বিভিন্ন প্ৰান্তৰ ডেৰ শতাধিক সমল ব্যক্তি উপস্থিত থাকিবলগীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰখনত অংশগ্ৰহণত সহায়ক হোৱাকৈ শিক্ষক শিক্ষয়িত্ৰীসকলৰ অংশগ্ৰহণ তথা পঞ্জীয়নৰ বাবেও এক গু'গল লিংক মুকলি কৰি দিয়া বুলি ফ'ৰামৰ আয়োজক সমিতিয়ে জানিবলৈ দিছে ।  

ইয়াৰোপৰি আলোচনা চক্ৰৰ পূৰ্বে ৰাজ্যখনৰ বিভিন্ন শিক্ষাবিদ তথা চিন্তাবিদৰ শৈক্ষিক লিখনিৰে সমৃদ্ধ শৈক্ষিক বার্তালোচনী "অন্বেষণ" আৰু  ই-সংস্কৰণ উন্মোচন কৰিব অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী ৰনোজ পেগুৱে । তাৰোপৰি মন্ত্ৰীগৰাকীয়ে বৰপেটা শিক্ষা খণ্ডৰ খণ্ড সমল ব্যক্তি প্ৰসেনজিৎ শৰ্মাৰ "নিপুণ মিত্ৰ এ. আই ব্যাটবটৰ এপ"ও মুকলি কৰি শৈক্ষিক জগতখনলৈ কৃত্ৰিম বুদ্ধিমত্তা চালিত  ছেটবট উপহাৰ কৰিব ।

এই এপৰ জৰিয়তে নিপুণ অসম মিছনৰ লক্ষ্যসমূহ সঠিক আৰু সহজতে তথ্য লাভ কৰিব পৰা যাব । লগতে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ পাঠ্যক্ৰমৰ পৰিকাঠামো সম্পৰ্কে সহজে জানিব পাৰিব । 

আলোচনা চক্ৰৰ সৈতে সংগতি ৰাখি ফ’ৰামে আয়োজন কৰা কণ কণ শিশুসকলৰ শৈক্ষিক সঁজুলিৰ প্ৰদৰ্শনী দ্বাৰ উন্মোচন কৰিব বিশিষ্ট শিক্ষাবিদ তথা দিছপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ নৱজ্যোতি বৰাই । ৰাজ্যখনৰ শৈক্ষিক ক্ষেত্ৰখনত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব লগা ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাৰ আলোচনাচক্ৰখন মুকলি কৰিব সমগ্ৰ শিক্ষা অসমৰ পৰিচালন সঞ্চালক ড০ ওম প্ৰকাশে ।

আয়োজক সমিতিৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰত ৰাইজ তথা শিক্ষাব্ৰতীৰ উপস্থিতি তথা সহযোগিতা কামনা কৰিছে ফ'ৰামৰ সম্পাদক পুণ্যব্ৰত বৰদলৈয়ে ।

ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰ