![0](https://img-cdn.thepublive.com/fit-in/1280x960/filters:format(webp)/asomiyapratidin/media/media_files/2025/01/05/SQ1PkfmSK7dE1hxYS3K8.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ ইংৰাজী নৱবৰ্ষৰ আনন্দ উল্লাসত ৰাজ্যবাসী মতলীয়া হৈ থকাৰ মাজতে গ্ৰামাঞ্চলত ভোগালী উদযাপনৰ প্ৰস্ততি ইতিমধ্যে আৰম্ভ হৈছে। ভোগালী উদযাপনৰ প্ৰস্ততিৰ অংশ হিচাপে কোনোৱে যদি পিঠা-পনা বনাইছে কোনোৱে আকৌ বিভিন্ন আকাৰৰ আধুনিক সংস্কৃতিৰে ভেলাঘৰ সজা কামত মনোনিৱেশ কৰি আৰম্ভ কৰিছে অসমীয়াৰ বাপতি সাহোন বিহুক আদৰাৰ পৰম্পৰা।
এইদৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভিন্ন সাংস্কৃতিক পৰম্পৰাৰে মাঘ বিহুক আদৰাৰ প্ৰস্তুতি আৰম্ভ হোৱাৰ সমান্তৰালকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাৰ ভকত বৈষ্ণৱে সম্পূৰ্ণ সত্ৰীয়া পৰম্পৰাৰে ভোগালীক আদৰাৰ পৰ্ব আৰম্ভ কৰিছে। অসমীয়া জাতীয় সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ বটদ্ৰৱাত গুৰুজনাই আৰম্ভ কৰি যোৱা সত্ৰ কৃষ্টিৰ বৈভৱময় ঐতিহ্যৰে মহীয়ান হৈ থকা এক মাঙ্গলিক অনুষ্ঠান "হৰিধ্বনি" দিয়াৰ পৰ্বৰ মাজেৰে ভেলাঘৰৰ বাবে ঘৰে ঘৰে গৈ দান বৰঙণি সংগ্ৰহৰ জননী দিয়া পৰম্পৰাগত কাৰ্য্যসূচী আৰম্ভণি হৈছে।
সত্ৰৰ ভকত বৈষ্ণৱ পাদশিলাত সমবেত হৈ হৰিধ্বনি দি পৰবৰ্তী সময়ত সত্ৰৰ প্ৰতিজন ভকত বৈষ্ণৱ আৰু প্ৰতিটো পৰিয়ালৰ চোতালত হৰিধ্বনি দিয়াৰ পৰম্পৰা চলাই নিব। চোতালে চোতালে ৰাইজ সমবেত হৈ সমস্বৰে ‘গৃহষ্ঠ সমন্ধে কুশলে উচ্চ বাকে বোলা হৰি..’ বুলি হৰিধ্বনি দিয়া এই অনুপম পৰম্পৰাই বৰ্তমান বটদ্ৰৱাত এক সুন্দৰ আৰু আধ্যাত্মিক ৱাতাবৰণ সৃষ্টি কৰিছে।
গুৰুজনাই আৰম্ভ কৰা পৰম্পৰা অনুসৰি বটদ্রৱাৰ ৰাইজে এই হৰিধ্বনিৰ দ্বাৰাই প্রতিঘৰ গৃহস্থৰ পৰা দান বৰঙণি আদি সংগ্রহ কৰে। এই দান-বৰঙণিৰে শলগুৰি সত্র আৰু নৰোৱা সত্রৰ ৰাইজে পৃঠকে পৃঠকে ৰাজহুৱা ভেলাঘৰ সাজি সেই ভেলাঘৰতে উৰুকাৰ নিশা সমবেত হৈ নাম-কীৰ্তন কৰিব।