Advertisment

কাকী আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহৰ প্ৰস্তুতি..

উক্ত সমাৰোহখন অহা ১০, ১১আৰু ১২ জানুৱাৰী ২০২৫ ত অনুষ্ঠিত কৰা হ'ব বুলি সোণালী জয়ন্তী সমাৰোহ উদযাপন সমিতিৰ সভাপতি শ্ৰী প্ৰভাত হাজৰিকা আৰু সম্পাদক শ্ৰী প্ৰদীপ কুমাৰ বৰাই জানিবলৈ দিয়ে । 

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল ডেস্কঃ হোজাই জিলাৰ অন্তৰ্গত কাকীৰ আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ে গৰকিলে ৫০টি বৰ্ষ । ১৯৭৪ চনতেই স্থাপন হৈছিল বিদ্যালয়খন ।

Advertisment

সেই উদ্দেশ্যে বিদ্যালয়খনৰ সোণালী জয়ন্তী সমাৰোহৰ আয়োজন কৰা হৈছে। উক্ত সমাৰোহখন অহা ১০, ১১আৰু ১২ জানুৱাৰী ২০২৫ ত অনুষ্ঠিত কৰা হ'ব বুলি সোণালী জয়ন্তী সমাৰোহ উদযাপন সমিতিৰ সভাপতি শ্ৰী প্ৰভাত হাজৰিকা আৰু সম্পাদক শ্ৰী প্ৰদীপ কুমাৰ বৰাই জানিবলৈ দিয়ে । 

লগতে উদ্যোক্তা সকলে জানিবলৈ দিয়ে যে এই অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰাক্তন শিক্ষক-শিক্ষয়িত্ৰী আৰু শিক্ষাৰ্থী সন্মিলনৰো আয়োজন কৰা হৈছে । উক্ত অনুষ্ঠানটিত  সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব মন্ত্ৰী পীযুষ হাজৰিকা, সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু বিধায়ক শিবু মিশ্ৰ।

ডাঃ অঞ্জনজ্যোতি চৌধুৰীক নিৰ্দিষ্ট বক্তা হিচাপে আমন্ত্ৰণ জনোৱা অনুষ্ঠানটিত অসমৰ বিভিন্ন প্ৰান্তৰ অনেক গুণী-জ্ঞানী লোকে আমন্ত্ৰিত অতিথি হিচাপে যোগদান কৰিব বুলিও জানিবলৈ দিয়ে ।

সোণালী জয়ন্তী