ডিজিটেল সংবাদ, ৰঙিয়াঃ সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ ষষ্ঠদশ দ্বি-বাৰ্ষিক অধিৱেশনৰ ব্যাপক প্ৰস্তুতি । আগন্তুক ২১মাৰ্চৰ পৰা ৰঙিয়াবাসী ৰাইজৰ আতিথ্যত তিনিদিনীয়াকৈ তৰণী হৰিমন্দিৰ প্ৰাংগণত অনুষ্ঠিত হ'ব লগা অধিৱেশন উপলক্ষে যাৱতীয় প্ৰস্তুতি হাতত লৈছে আদৰণি সমিতিয়ে ।
তদুপলক্ষে মুখ্য কাৰ্যালয়ৰ দ্বাৰ উন্মোচনী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।উক্ত কাৰ্যসূচীত সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি ডাঃৰমেন কুমাৰ কাকতী উপস্থিত থাকি মুখ্য দ্বাৰ উন্মোচন কৰে ।ইয়াৰ পিছতে সংবাদ মাধ্যমৰে হোৱা সাক্ষাৎকাৰত শিক্ষা, কৰ্মসংস্থাপন, ভূমিৰ অধিকাৰকে ধৰি বিভিন্ন ক্ষেত্ৰত কলিতা জনগোষ্ঠীৰ ভূমিপুত্ৰ সকল বঞ্চিত হৈ অহা বুলি আক্ষেপ প্ৰকাশ কৰে ডাঃকাকতিয়ে ।