/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/e1a5d7a0-a129-4d31-9625-75518c2568b8/karate_08.jpg)
assam state karate association
ডিজিটেল ডেস্কঃ অসম ৰাজ্যিক কাৰাটে সন্থাৰ উদ্যোগত সফলতাৰে সম্পন্ন হৈ গ’ল দ্বিতীয় উত্তৰ পূৰ্ব কাৰাটে চেম্পিয়নশ্বিপ -২০২২ ৰ প্ৰস্তুতি শিবিৰ। যোৱা ৩ নৱেম্বৰৰ পৰা ৮ নৱেম্বৰলৈ অনুষ্ঠিত হোৱা এই প্ৰস্তুতি শিবিৰত উত্তৰ পূব কাৰাটে চেম্পিয়নশ্বিপৰ বাবে যোগ্যতা অৰ্জন কৰা কাৰাটে খেলুৱৈসকলক প্ৰতিযোগিতাৰ পূৰ্বে অত্যাধুনিক প্ৰশিক্ষণ, ফিটনেছ আদি দিশৰ ওপৰত উন্নত প্ৰশিক্ষণ প্ৰদান কৰা হয়।
অসম ৰাজ্যিক কাৰাটে সন্থাই প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা এই শিবিৰত প্ৰশিক্ষক হিচাপে আছিল বুলবুল বসুমতাৰী আৰু যাদৱ জ্যোতি ৰাজগুৰু। ফিটনেছৰ প্ৰশিক্ষণ প্ৰদান কৰিছিল কাবুল দাসে। স্পৰ্টছ ফিজিঅ’ হিচাপে আছিল ত্ৰিদিপ গগৈ।
প্ৰশিক্ষণ শিবিৰৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকে অসম বিত্তীয় নিগমৰ অধ্যক্ষ তথা অসম ৰাজ্যিক কাৰাটে সন্থাৰ জ্যেষ্ঠ উপ-সভাপতি বিজয় কুমাৰ গুপ্তা, অসম অলিম্পিক সন্থাৰ উপ-সভাপতি কল্যাণ গগৈ, গুৱাহাটী কাৰাটে সন্থাৰ সভাপতি ৰাম বাহাদুৰ গুৰুং, অসম অলিম্পিক সন্থাৰ সহকাৰী সম্পাদক উপেন চক্ৰৱৰ্তী, অসম ৰাজ্যিক কাৰাটে সন্থাৰ সম্পাদক আদৰ্শ চৌধুৰী, টেকনিকেল ডাইৰেক্টৰ ৰমেন পাল দাসকে ধৰি বহু বিশিষ্ট ব্যক্তি।এই প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত অসম কৃষি বিশ্ববিদ্যালয়ে বিশেষ ভাৱে সহযোগিতা আগবঢ়ায়।