প্ৰীমিয়াৰ ক্লাৱ চেম্পিয়নশ্বিপৰ ফাইনেলত ওদালগুৰি টাউন স্প'ৰ্টছ্ ক্লাৱ...

প্ৰীমিয়াৰ ক্লাৱ চেম্পিয়নশ্বিপৰ ফাইনেলত ওদালগুৰি টাউন স্প'ৰ্টছ্ ক্লাৱ...

author-image
Asomiya Pratidin
New Update
প্ৰীমিয়াৰ ক্লাৱ চেম্পিয়নশ্বিপৰ ফাইনেলত ওদালগুৰি টাউন স্প'ৰ্টছ্ ক্লাৱ...

প্ৰীমিয়াৰ ক্লাৱ চেম্পিয়নশ্বিপৰ ফাইনেলত ওদালগুৰি টাউন স্প'ৰ্টছ্ ক্লাৱ...

ডিজিটেল সংবাদ ওদালগুৰিঃ ওদালগুৰি ক্ৰিকেট সন্থাৰ উদ্যোগত ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত চলি থকা পঞ্চম অসম প্ৰীমিয়াৰ ক্লাৱ চেম্পিয়নশ্বিপৰ আজিৰ প্ৰথমখন ছেমিফাইনেল খেলত ওদালগুৰি টাউন স্প'ৰ্টছ্ ক্লাৱে টংলা ক্ৰিকেট ক্লাৱক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লয় টাউন স্প'ৰ্টছে।

Advertisment

ওদালগুৰি টাউন স্প'টছ ক্লাৱে প্ৰথমে বেটিং কৰি ৩৫.১ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১৯৮ ৰাণ সংগ্ৰহ কৰে। টাউন স্প'ৰ্টছৰ প্ৰবাল দাসে ৫২ আৰু বিকাশ শৰ্মাই ৪৮ ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে টংলাৰ দিব্যজ্যোতি শৰ্মাই ৪ টাকৈ উইকেট দখল কৰে।

ইয়াৰ প্ৰত্যুত্তৰত টংলাই ৩৯.৪ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১৬০ ৰাণত ইনিংছ সামৰে। টংলাৰ কংকন দাসে সৰ্বাধিক ৩৭ ৰাণ কৰাৰ বিপৰীতে ওদালগুৰিৰ টাউন স্প'ৰ্টছৰ প্ৰবাল দাস, বিকাশ শৰ্মা, অনুপম চৌধুৰী আৰু সুমিত কুমাৰ ভগতে দুটাকৈ উইকেট দখল কৰে। কালিলৈ দ্বিতীয়খন ছেমিফাইনেল ওৰাং জেনিথ ক্লাৱ আৰু বেছিমাৰী ডায়মণ্ড ক্লাৱৰ মাজত অনুষ্ঠিত হ'ব।

ক্লিক কৰি পঢ়কঃ বিবাদ, বিতৰ্ক, বিকাশেৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ- '২০২২'

প্ৰীমিয়াৰ ক্লাৱ চেম্পিয়নশ্বিপ ওদালগুৰি টাউন স্প'ৰ্টছ ক্লাৱ