/asomiyapratidin/media/media_files/2025/07/21/new-ap-web-1-16-2025-07-21-11-45-18.jpg)
ডিজিটেল ডেস্কঃ শত্ৰুৰ বুকুত কপনি তুলি স্বদেশত নিৰ্মিত মিছাইলৰ সফল পৰীক্ষণ সম্পন্ন কৰিলে ভাৰতে। শেহতীয়াকৈ লাডাখত আকাশ প্ৰাইম মিছাইলৰ সফল পৰীক্ষণ সম্পন্ন হোৱাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে ভাৰতে। দেশত প্ৰতিৰক্ষা ক্ষেত্ৰত ভাৰতৰ এই সফলতা এক মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে।
উল্লেখ কৰা প্ৰয়োজন যে, আকাশ প্ৰাইম মিছাইল হৈছে অত্যাধুনিক তথ্য-প্ৰযুক্তি সমৃদ্ধৰে ভৰপূৰ এক ক্ষেপনাস্ত্ৰ। ২০ৰ পৰা ২৫কিলোমিটাৰ নিলগত থকা লক্ষ্যভেদ কৰিব পাৰে এই মিছাইলে। আকাশ প্ৰাইম মিছাইলৰ বহুকেইটা ভাগ আছে। ইয়াৰ একেবাৰে উচ্চ ভাগটোৱে ৬০কিলোমিটাৰ পৰ্যন্ত লক্ষ্যকো ভেদ কৰিব পৰা ক্ষমতা আছে।
যোৱা বুধবাৰে লাডাখৰ ৪৫০০মিটাৰ উচ্চতাত এই মিছাইলটোৰ সফল পৰীক্ষণ সম্পন্ন কৰা হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us