/asomiyapratidin/media/media_files/2025/04/12/ZjOpe46xT8J0IQ85YFM1.jpg)
ডিজিটেল সংবাদ, গুৱাহাটী : প্ৰতি বছৰে পালন কৰি অহাৰ দৰে এইবেলিও কাহিলিপাৰাৰ মডাৰ্ণ ইংলিছ স্কুলত শনিবাৰে অতি উলহ-মালহেৰে প্ৰাক্ ৰঙালী বিহু উদযাপন কৰা হয়। পুৱাৰ প্ৰাৰ্থনা সভাত সমৱেত সংগীতেৰে আৰম্ভ হোৱা এই অনুষ্ঠানত অসমৰ বিশিষ্ট সাহিত্যিক, সমালোচক, সাহিত্য অকাডেমি বঁটা বিজয়ী ড° জয়ন্ত মাধৱ বৰাদেৱক সম্বৰ্ধনা জনোৱাৰ পাছত তেখেতে বিহু পতাকা উত্তোলন কৰে।
/asomiyapratidin/media/media_files/2025/04/12/wkMYS5KxmFfmtdL6uY8J.jpg)
তেখেতে নিজৰ সাৰুৱা ভাষণত কয় যে, এইখন বিদ্যালয়ে কেৱল শিক্ষাৰ সৈতে জড়িত নাথাকি ছাত্ৰ -ছাত্ৰীক সুকুমাৰ কলাতো পৰিপক্ক কৰি তোলাৰ যি প্ৰচেষ্টা হাতত লৈছে, সেয়া আন বহু বিদ্যালয়ত দেখা পোৱা নাযায়। এইধৰণৰ অনন্য পদক্ষেপৰ বাবে বিদ্যালয়খন সকলোৰে বাবে আদৰ্শ হ'ব পাৰে।
এই অনুষ্ঠানতেই ড° জয়ন্ত মাধৱ বৰা আৰু বিদ্যালয়ৰ সঞ্চালক পংকজ দাসে দশম শ্ৰেণীৰ অসমীয়া বিভাগৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰস্তুত কৰি উলিওৱা প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে। ভাষণ প্ৰসঙ্গত সঞ্চালকে বিহুৰ তাৎপৰ্য ব্যাখ্যা কৰি কয় যে বিহু মূলতঃ কৃষিজীৱি মানুহৰ উৎসৱ। লোকজীৱনৰ গীতবোৰৰ আছে এক অতুলনীয় সত্বা। যিহেতু পৰম্পৰাৰ শিপা কেতিয়াও সলনি নহয়, গতিকে তাক পাহৰি যোৱা উচিত নহয়। পুৰণি ঐতিহ্য পাহৰিলে আমি সকলো হেৰুৱাম।
/asomiyapratidin/media/media_files/2025/04/12/wtVCYmy7jds0RJGnQvku.jpg)
উক্ত অনুষ্ঠানতে অধ্যক্ষাই নিজৰ ভাষণত ছাত্ৰ-ছাত্ৰীসকলক অসমীয়া সংস্কৃতি আৰু জাতীয় পৰম্পৰাৰ প্ৰতি শ্ৰদ্ধাপূৰ্ণ মনোভাৱেৰে অধ্যয়নত মনোনিবেশ কৰিবলৈ আহ্বান জনায়। তেখেতে উল্লেখ কৰে যে, অসমীয়া সাজ-পাৰ, খাদ্যাভাস তথা আচাৰ-ব্যৱহাৰৰ উপযুক্ত প্ৰদৰ্শনেৰে অসমীয়া সংস্কৃতিৰ বৰ্ণময় যাত্ৰাক বিশ্ব দৰবাৰলৈ নিয়াটো আমাৰ অন্যতম প্ৰধান লক্ষ্য হোৱা উচিত।
দশম শ্ৰেণীৰ ছাত্ৰ প্ৰত্যুষ বুঢ়াগোহাঁয়ে সাত বিহু সম্পৰ্কে বক্তব্য আগবঢ়োৱাৰ পাছত দশম শ্ৰেণীৰ ছাত্ৰ -ছাত্ৰী সকলে এটি মন-পৰশা বিহু গীত পৰিৱেশন কৰে। অনুষ্ঠানৰ সামৰণিত বিদ্যালয়ৰ সমূহ ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-শিক্ষয়িত্ৰীয়ে হেঁপাহৰ বিহুটিক আদৰণি জনাই এক বৰ্ণিল বিহু নৃত্য পৰিৱেশন কৰে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us