আজিৰে পৰা দেশৰ ৰাজধানীত 'সাদিন- প্ৰতিদিন গোষ্ঠী'ৰ 'দ্যা কনক্লেভ-২০২৩'

আজিৰে পৰা দেশৰ ৰাজধানীত 'সাদিন- প্ৰতিদিন গোষ্ঠী'ৰ 'দ্যা কনক্লেভ-২০২৩'

ডিজিটেল ডেস্কঃ দেশৰ ৰাজধানী নতুন দিল্লীত শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে 'সাদিন প্ৰতিদিন গোষ্ঠী'য়ে ব্যাপক আয়োজনেৰে দ্বিতীয়বাৰৰ বাবে অনুষ্ঠিত কৰিছে 'দ্যা কনক্লেভ-২০২৩'। ২০২২ বৰ্ষত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় ৰাজধানীত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজনীতি, অৰ্থনীতি, সংস্কৃতি, পৰ্যটন, ড্ৰাগছ, সন্ত্ৰাসবাদ আদিৰ দৰে সমস্যাৰাজিৰ বিষয়ে বিশেষজ্ঞ সমল ব্যক্তিৰ জৰিয়তে বস্তুনিষ্ঠভাৱে আলোচনা কৰাৰ লগতে এই সমস্য়াৰাজিৰ পৰা পৰিত্ৰাণৰ পথৰ সন্ধান কৰা হৈছিল।

উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো সংবাদ গোষ্ঠী হিচাপে 'সাদিন প্ৰতিদিন গোষ্ঠী'য়ে ৰাষ্ট্ৰীয় ৰাজধানীত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সমস্যাৰাজিৰ বিষয়ে এইদৰে উত্থাপন কৰাৰ যি প্ৰয়াস কৰিছিল সেই প্ৰয়াসৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখি এইবাৰো ৰাষ্ট্ৰীয় ৰাজধানীত অনুষ্ঠিত কৰা হৈছে 'দ্যা কনক্লেভ-২০২৩'। উল্লেখ্য বিগত বৰ্ষত আয়োজন কৰা কনক্লেভে দেশৰ সমস্যা সমাধানত ন-পথৰ সন্ধান দিছিল।

এই বৰ্ষৰ ২৩ আৰু ২৪ ছেপ্টেম্বৰত দুদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া এই কনক্লেভৰ প্ৰথম দিনৰ কাৰ্যসূচী পুৱা ১১.০০ বজাৰ পৰা আৰম্ভ হ'ব। দেশৰ বিত্ত আৰু কৰ্পোৰেট এফায়াৰছ মন্ত্ৰী নিৰ্মলা সীতাৰমণে শুভ উদ্বোধন কৰিব 'দ্যা কনক্লেভ-২০২৩'।

'দ্যা কনক্লেভ-২০২৩'ত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজনীতি, অৰ্থনীতি, সংস্কৃতি, সমাজ, ক্ৰীড়া ক্ষেত্ৰৰ উপৰিও মহিলা আৰু শিশুৰ অধিকাৰ, জলবায়ু পৰিৱৰ্তন আদিৰ দৰে গোলকীয় সমস্যাৰ বিষয়সমূহ সামৰি লোৱা হৈছে। প্ৰথম দিনটোৰ কাৰ্যসূচী অনুসৰি উদ্বোধনী অনুষ্ঠানৰ পাছতে দিনৰ ১২-১৫ বজাৰ পৰা প্ৰথমখন একক আলোচনা সত্ৰ অনুষ্ঠিত হ'ব।

ইয়াত অংশগ্ৰহণ কৰিব ভাৰতীয় জনতা যুৱ মঞ্চৰ সভাপতি তেজস্বী সূৰ্যই। ইয়াৰ পাছত দিনৰ ২-১৫ মিনিটৰ পৰা অনুষ্ঠিত হ'ব 'জলবায়ু পৰিৱৰ্তন আৰু বহনক্ষম উন্নয়ন' শীৰ্ষক আলোচনা সত্ৰ। এই আলোচনা সত্ৰত সমল ব্যক্তি হিচাপে উপস্থিত থাকিব অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েং, আৰ্থফুল ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক তথা পৰিৱেশ কৰ্মী শ্বেতা মহন্ত, বন্যপ্ৰাণী জীৱবিজ্ঞানী পূৰ্নিমা দেৱী বৰ্মন আৰু পৰিৱেশ বিজ্ঞানৰ গৱেষণা সহযোগী অধ্যাপক শান্তনু গোস্বামীয়ে।

পৰৱৰ্তী কাৰ্যসূচী মৰ্মে ৩-৩০ বজাত অনুষ্ঠিত হ'ব সংগীতজ্ঞ-কণ্ঠশিল্পী অংগৰাগ পাপন মহন্তৰ সৈতে একক আলোচনা চক্ৰ। এই আলোচনা সত্ৰৰ অন্ত পৰাৰ পাছতে বিয়লি ৪-৩০ বজাৰ পৰা অনুষ্ঠিত হ'ব 'আঞ্চলিক মনোৰঞ্জন উদ্যোগৰ ভৱিষ্যত' শীৰ্ষক আলোচনা সত্ৰ। এই বিষয়ত আলোচনা কৰিবলৈ সমল ব্যক্তি হিচাপে উপস্থিত থাকিব অভিনেত্ৰী সীমা বিশ্বাস, ছবি পৰিচালক জাহ্নু বৰুৱা।

ইয়াৰ পাছত সন্ধিয়া ৫-৩০ বজাৰ পৰা অনুষ্ঠিত হ'ব বলিউডৰ বিখ্যাত পৰিচালক, প্ৰযোজক, চিত্ৰনাট্যকাৰ ইমটিয়াজ আলীৰ সৈতে একক সাক্ষাৎকাৰ। সেইদৰে ২৪ ছেপ্টেম্বৰত ৰাজনীতি, অৰ্থনীতি, ক্ৰীড়া, সমাজ আদি বিভিন্ন দিশত অভিজ্ঞ আৰু বিশেষজ্ঞ ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত হ'ব কেইবাখনো আলোচনা সত্ৰৰ লগতে একক সাক্ষাৎকাৰ।

উল্লেখ্য যে, নতুন দিল্লীৰ অশোক হোটেলত অনুষ্ঠিত হ'বলগীয়া 'দ্যা কনক্লেভ-২০২৩' প্ৰতিদিন টাইম চেনলৰ উপৰিও অসমীয়া প্ৰতিদিন ডিজিটেলৰ ফেচবুক পেজৰ জৰিয়তে পোনপটিয়াকৈ উপভোগ কৰিব পাৰিব।

আজিৰে পৰা দেশৰ ৰাজধানীত 'সাদিন- প্ৰতিদিন গোষ্ঠী'ৰ 'দ্যা কনক্লেভ-২০২৩'
অৱশেষত প্রত্যাহাৰ হ’ল শিলচৰ NITৰ ছাত্র আন্দোলন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in