ছাইৰ কাঃ সঞ্চালকক চেলেঞ্জ- হাৰিয়াণালৈ নহয়, অসমৰ খেলুৱৈক মণিপুৰলৈ পঠিওৱা আৰু ফলাফল চোৱা...

pratidin conclave
pratidin conclave

ডিজিটেল ডেস্কঃ'ক্ৰীড়া আন্তঃগাঁথনি আৰু উত্তৰ পূবৰ সম্ভাৱনিয়তা' বিষয়ত এক মনোজ্ঞ আলোচনা সম্পন্ন হৈ যায় নতুন দিল্লীৰ মানিকেশ্ব কেন্দ্ৰত অসমীয়া প্ৰতিদিন আৰু প্ৰতিদিন টাইমে অনুষ্ঠিত কৰা 'দ্যা কনক্লেভ-২০২২' ৰ দ্বিতীয় দিনটোত। আলোচনাত উত্তৰ পূৰ্বাঞ্চলৰ ক্ৰীড়া আন্তঃগাঁথনিৰ লগতে ইয়াৰ সম্ভাৱনিয়াত সম্পৰ্কে সমল ব্যক্তি হিচাপে উপস্থিত থকা কেইবগৰাকীও ব্যক্তিয়ে এই বিষয়ত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰিছে।

জ্যেষ্ঠ সাংবাদিক মৃণাল তালুকদাৰে আঁতধৰা আলোচনা চক্ৰত অসমীয়া প্ৰতিদিনৰ ক্ৰীড়া সম্পাদক বিদ্যুৎ কলিতাই কয় যে, উত্তৰ পূৰ্বাঞ্চলবাসীয়ে পূৰ্বে ক্ৰিকেটক আদৰি লোৱা নাছিল। ক্ৰিকেটৰ পৰিৱৰ্তে ফুটবলকহে এই অঞ্চলৰ লোকে অগ্ৰাধিকাৰ দিছিল। তেওঁ কয়, ’উত্তৰ পূৰ্বাঞ্চলৰ মানুহে ক্ৰীড়াত উত্তেজনা ভাল পাই, সেয়ে ক্ৰিকেটতকৈ ফুটবলক অধিক ভাল পায়। তেওঁৰ মতে ক্ৰিটেৰ জনপ্ৰিয়তাই ভৱিষ্যতলেও উত্তৰ পূৰ্বাঞ্চলত বিশেষ অগ্ৰাধিকাৰ লাভ কৰিব নোৱাৰে।

আনহাতে ভাৰতীয় ক্ৰীড়া জগতত আধিপত্য বিস্তাৰ কৰা মণিপুৰত খেলৰ যি জনপ্ৰিয়তা, সেই জনপ্ৰিয়তাৰ প্ৰসংগত মণিপুৰৰ যুৱ কল্যাণ আৰু ক্ৰীড়া বিভাগৰ উপ সঞ্চালক লাইশ্বাং অনিতা চানুৱে কয় যে,- মণিপুৰবাসী দেৱতাৰ বংশধৰ, ক্ৰীড়াৰ প্ৰতিভাও আমি দেৱতাৰ আশীৰ্বাদ ৰূপেই পোৱা। ৰাজ্যখনৰ পৰা বহু কেইগৰাকী ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ ওলোৱাৰ লগতে অলিম্পিক পদক বিজয়ী কেইবাগৰাকী খেলুৱৈ দেশে লাভ কৰিছে।

ৰাজ্যখনত খেলৰ এনে এক পৰিৱেশ আৰু খেলুৱৈৰ প্ৰসংগত তেওঁ কয়, মণিপুৰৰ খেলুৱৈয়ে ধনৰ বাবে নেখেলে। তেওঁলোকে ৰাষ্ট্ৰৰ বাবেহে খেলে। উন্নত আন্তঃগাঁথনি নাই বুলি খেলৰ পৰা পিছুৱাই নাহে।

আনহাতে ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ উত্তৰ পূব প্ৰান্তৰ গুৱাহাটী কেন্দ্ৰৰ কাৰ্যকৰী সঞ্চালক সতীশ কে ছাৰহাদিয়ে ক্ৰীড়া আন্তঃগাঁথনিৰ প্ৰসংগত কয় যে, ক্ৰীড়া বিজ্ঞান উন্নত হৈছে। ইয়াৰ সুবিধা খেলুৱৈসকলক প্ৰদান কৰা হৈছে।

এই প্ৰসংগত বিদ্যুৎ কলিতাই কয় যে, ক্ৰীড়া আন্তঃগাঁথনি মানে ষ্টেডিয়াম নহয়। আধুনিক প্ৰযুক্তিয়েহে খেলুৱৈৰ প্ৰদৰ্শনত সহায় কৰে। কিন্তু আমাক এই বিষয়ে কোনো শিকাব?

ইফালে ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত সফলতা লাভৰ পিছতে অসমত যিদৰে সম্বৰ্ধনা জনোৱাৰ লহৰ উঠে সেই প্ৰংগত এনে সম্বৰ্ধনা অনুষ্ঠানৰ প্ৰয়োজনিয়তা সম্পৰ্কে কৰা এক প্ৰশ্নৰ উত্তৰত বিদ্যুৎ কলিতাই কয় যে, ভাৰতত ক্ৰীড়া এতিয়া সংস্থাপনৰ বিষয় হৈ পৰিছে। আমাৰ খেলুৱৈয়ে চাকৰিৰ বাবে খেলে। চাকৰিয়েই খেলুৱৈৰ লক্ষ্য হৈ পৰিছে।

এই ক্ষেত্ৰত মণিপুৰৰ তাৰকা বক্সাৰ মেৰীকম ব্যতিক্ৰম। তেওঁ এই ক্ষেত্ৰত সম্বৰ্ধনাৰ পৰিৱৰ্তে খেলুৱৈৰ বাবে এক ৰোড মেৰ তৈয়াৰ কৰাৰ পোষকতা কৰে।

ইফালে এই আলোচনা চক্ৰত অংশগ্ৰহণ কৰা কমনৱেলথ গোল্ড মেডেলিষ্ট নয়নমণি শইকীয়াই প্ৰথমে নিজৰ ক্ৰীড়া জীৱনৰ আৰম্ভণিৰ পৰা কমনৱেলথ গোল্ড মেডেল জয় কৰাৰ লৈকে গোটেই যাত্ৰাৰ বিষয়ে প্ৰকাশ কৰে। খেলুৱৈৰ সম্বৰ্ধনা আৰু সংস্থাপনৰ পিছত খেলিবলৈ এৰাৰ প্ৰসংগত নিজৰ অভিমত ব্যক্ত কৰি কয় যে, তেওঁ দেশৰ বাবে আৰু অধিক পদক কঢ়িয়াই আনিব বিচাৰে।

এই প্ৰসংগত লাইশ্বাং অনিতা চানুৱে কয় যে, তেওঁ ২০০০ চনৰ পৰাই বৰ্তমানলৈকে খেলৰ লগত জড়িত হৈ আছে। তেওঁ নিজৰ জীৱন ক্ৰীড়াৰ খেলতেই মগ্ন থকাৰ কথা উল্লেখ কৰে। তেওঁ আলোচনাৰ মাজতে ছাইৰ কাৰ্যবাহী সঞ্চালকগৰাকীক চেলেঞ্জ কৰি কয় যে, খেলুৱৈসকলক পাটিয়ালাৰ পৰিৱৰ্তে মণিপুৰলৈ ট্ৰেইনিংৰ বাবে পঠিয়াবলৈ কয়।

তেওঁ কয় পাটিয়ালাৰ দৰে উন্নত আন্তঃগাঁথনি নাথাকিলেও মণিপুৰে বহু আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ সৃষ্টি কৰিব পাৰিব। তেওঁ এই ক্ষেত্ৰত উত্তৰ পূৰ্বাঞ্চলৰ খাদ্যভ্যাস, পৰিৱেশৰ কথা উল্লেখ কৰে।

তেওঁৰ মতে উত্তৰ পূৰ্বাঞ্চলৰ খেলুৱৈৰ খাদ্যভ্যাস ভাল। ইয়াৰ পৰিৱেশ ভাল। তেওঁ কয় উত্তৰ পূৰ্বাঞ্চলত ষ্টেডিয়াম নিৰ্মাণ কৰাৰ উপৰিও উত্তৰ পূৰ্বাঞ্চলৰ প্ৰশিক্ষণ আৰু ডায়েট যোগান ধৰিলে অধিক স্বৰ্ণ পদক বিজয়ী দেশে লাভ কৰিব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in