'অসমৰ বাবে অপেক্ষা কৰি আছে সোণালী ভৱিষ্যত'- ড্ৰাগছ, সন্ত্ৰাসবাদে জুৰুলা কৰা উত্তৰ-পূবলৈ আশাৰ বতৰা...

pratidin conclave
pratidin conclave

ডিজিটেল ডেস্কঃ 'কেৱল সমস্যাৰ কথা ক’লেই নহ’ব, উত্তৰ পূৰ্বাঞ্চলে দেশলৈ আগবঢ়োৱা অৱদানক প্ৰশংসাও কৰিব লাগিব।'- অসমীয়া প্ৰতিদিন আৰু প্ৰতিদিন টাইমে দিল্লীত অনুষ্ঠিত কৰা 'দ্যা কনক্লেভ-২০২২'ৰ দ্বিতীয় দিনটোৰ তৃতীয়খন আলোচনা সত্ৰত লেঃ জেঃ জি অ' চি, ইষ্টাৰ্ণ কমাণ্ড ৰাণা প্ৰতাপ কলিতাই 'ড্ৰাগছ, সন্ত্ৰাসবাদ, ভূ-ৰাজনীতি আৰু উত্তৰ-পূৱ' বিষয়ত এইদৰে মন্তব্য কৰিছে।

উত্তৰ পূৰ্বাঞ্চলৰ জ্বলন্ত সমস্যা হিচাপে চিহ্নীত হোৱা ড্ৰাগছ, সন্ত্ৰাসবাদ আদি বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ সমল ব্যক্তি হিচাপে উপস্থিত থাকে লেঃ জেঃ জি অ' চি, ইষ্টাৰ্ণ কমাণ্ড ৰাণা প্ৰতাপ কলিতা, চাইবাৰ ছিকিউৰিটি এক্সপাৰ্ট সুবিমল ভট্টাচাৰ্য, অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিং আৰু বিশিষ্ট লেখক সঞ্জয় হাজৰিকা।

প্ৰতিদিন টাইমৰ যুটীয়া সম্পাদক শোণিত কুমাৰ ভূঞাই আঁত ধৰা আলোচনাত ৰাণা প্ৰতাপ কলিতাই উত্তৰ পূৰ্বাঞ্চলে দেশলৈ আগবঢ়োৱা অৱদানক প্ৰশংসা কৰিব লাগে বুলি মন্তব্য কৰে। তেওঁ এই অঞ্চলটোৰ সুৰক্ষাৰ দিশটোৰ কথা উল্লেখ কৰি কয়, উত্তৰ পূৰ্বাঞ্চলৰ বাবে শিলিগুৰি কৰিডৰে এক বৃহৎ ভূমিকা পালন কৰে।

আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ প্ৰসংগ উত্থাপন কৰি কয়, ভাৰত-বাংলাদেশ সীমান্ত অস্থিৰ। ড্ৰাগছ সৰবৰাহ, অস্ত্ৰ সৰবৰাহকে ধৰি অবৈধ সামগ্ৰীৰ সৰবৰাহে উত্তৰ পূৰ্বাঞ্চলত ব্যাপক প্ৰভাৱ পেলাই আহিছে। তেওঁ কয়, উত্তৰ পূৰ্বাঞ্চলৰ বিদ্ৰোহী সমস্যা বৰ্তমান স্থিৰতালৈ আহিছে। যদি আমি ইয়াক স্থিৰতা কৰি ৰাখিব নোৱাৰো তেন্তে এয়া আমাৰেই বিফলতা হ'ব। অঞ্চলটোৰ জনগাঁথনিয়েও ইয়াত প্ৰভাৱ বিস্তাৰ কৰে।

আনহাতে অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিঙে কয় য, অসমৰ বিদ্ৰোহী সমস্যা অতীত হ'ল। অসমৰ বাবে এতিয়া অপেক্ষা কৰি আছে সোণালী ভৱিষ্যতে। তেওঁৰ মতে উত্তৰ পূৰ্বাঞ্চলৰ সমস্যাৰজি দেশৰ আন ৰাজ্যৰ সৈতে একেই। আমি এই সমস্যাৰ সমাধানৰ বাবে চেষ্টা কৰিব লাগিব।

তেওঁ কয়,উত্তৰ পূৰ্বাঞ্চলৰ লোকসকল সাধাৰণতে বিভিন্ন সমস্যাৰ সমাধানৰ বাবে আশাবাদী। সেয়েহে আমি সমস্যাসমূহ সমাধানৰ বাবে কাম কৰিব লাগে। আমি যোগাত্মক দিশবোৰৰ বিষয়ে অধিক কথা পাতিব লাগে। অসম আৰক্ষীৰ দেশৰ ভিতৰতে অন্যতম শ্ৰেষ্ঠ।

ইফালে বিশিষ্ট লেখক সঞ্জয় হাজৰিকাই কয়, যোগাযোগ ব্যৱস্থা উত্তৰ পূৰ্বাঞ্চলৰ বাবে বহু গুৰুত্বপূৰ্ণ। আমাক শান্তিৰ বাবে অধিক বুজাবুজিৰ প্ৰয়োজন। তেওঁ ক্ৰীড়া আৰু সংগীতৰ জৰিয়তে দেশক অধিক ঐক্যবদ্ধ কৰিব পাৰে। সেয়েহে উত্তৰ পূৰ্বাঞ্চলত ক্ৰীড়া আৰু সংগীত মহোৎসৱ অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰিব লাগে বুলিও মন্তব্য কৰে।

আনহাতে এই অঞ্চলটোৰ ভৱিষ্যত সুৰক্ষাৰ ক্ষেত্ৰত ভৌগলিক তথা জলবায়ু পৰিৱৰ্তনে বৃহৎ ভাবুকি কঢ়িয়াই আনিব বুলিও মন্তব্য কৰে। জলবায়ু পৰিৱৰ্তনৰ ফলত ইয়াৰ নদীসমূহৰ গভীৰতা হ্ৰাস পোৱাৰ কথা উল্লেখ কৰি কয় যে, নদী উন্নয়নৰ বাবে প্ৰশিক্ষণ প্ৰাপ্ত কৰ্মচাৰীৰ প্ৰয়োজন।

আনহাতে চাইবাৰ একক্সপাৰ্ট সুবিমল ভট্টাচাৰ্যই উত্তৰ পূৰ্বাঞ্চলৰ যুৱ প্ৰজন্মক অধিক সুযোগ দিয়াৰ পোষকতা কৰে। আলোচনাত অঞ্চলটোৰ বিদ্ৰোহী সমস্যা সমাধানৰ বাবে অভিভাৱকৰ ভূমিকাৰ প্ৰসংগৰ বিষয়ে উত্থাপন হোৱাৰ লগতে সমাজত শিক্ষিত যুৱ প্ৰজন্মৰ নেতৃত্বৰো পোষকতা কৰা হয়।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in